নিউজ ডেস্ক, 29 জুলাই : বাঘ ৷ মেকুৰি প্ৰজাতিৰ সবাতোকৈ বৃহৎ স্তন্যপায়ী প্ৰাণী ৷ সংস্কৃত শব্দ ব্যাঘ্ৰৰ পৰা লোৱা হৈছে এই নামটো ৷ এতিয়া বিলুপ্তিৰ পথত বিছ লাখ বছৰজুৰি বিশ্বত বাস কৰা এই প্ৰজাতিটো ৷ মাত্ৰ এটা শতিকাতে 95 শতাংশ হৈ এতিয়া ইয়াৰ সংখ্যা বৰ্তমান বিশ্বত মাত্ৰ 3,890 টা ৷ তেনে ক্ষেত্ৰত এই লুপ্তপ্ৰায় প্ৰজাতিটোৰ সংৰক্ষণৰ বাবে 2010 চনৰ পৰা প্ৰতিবছৰে 29 জুলাই দিনটো ‘আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস’ হিচাপে পালন কৰা হয় ৷ ইফালে,2022 বৰ্ষত বাঘৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰি 2009 চনত সংকল্প গ্ৰহণ কৰে 13 খন দেশে ৷ সেয়েহে, 2022 চনতো পালন কৰা হ’ব ব্যাঘ্ৰ বৰ্ষ হিচাপে ৷
2010 চনৰ নৱেম্বৰত ৰাছিয়াৰ ছেইন্ট পিটাৰ্ছবাৰ্গ সন্মিলনত বাঘৰ বসতিপূৰ্ণ মুখ্য দেশ ক্ৰমে ভূটান,নেপাল,ভিয়েটনাম,ম্যানমাৰ,মালয়েছিয়া, ইণ্ডোনেছিয়া,চীন,ৰাছিয়া,বাংলাদেশ,ভাৰত,থাইলেণ্ড আৰু লাউছে গঠন কৰে বাঘ সংৰক্ষণ মঞ্চ ৷ গোটেই বিশ্বতে বাঘৰ সংৰক্ষণৰ বাবে জনসচেতনা বৃদ্ধিৰ উদেশ্যে ‘আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস’ হিচাপে এই সন্মিলনতে 29 জুলাই তাৰিখটো ঠিক কৰা হয় ৷ ডব্লিউ ডব্লিউ এফৰ তথ্য অনুসৰি বৰ্তমান বিশ্বত বাঘৰ সংখ্যা 3890 টাতকৈও কম ৷ ইয়াৰে,সৰ্বাধিক বাঘৰ বসতিপূৰ্ণ অঞ্চল আকৌ আমাৰ দেশ ভাৰতবৰ্ষ ৷ ভাৰতত বৰ্তমান বাঘৰ সংখ্যা 2226 টা ৷ ভাৰতৰ ভিতৰত সৰ্বাধিক বাঘ কৰ্ণাটকত আছে ৷ উল্লেখ্য যে, 2010 চনত 1,706 টাৰ তুলনাত 2014 ত ভাৰতত বাঘৰ সংখ্যা 2,226 লৈ বৃদ্ধি হয় ৷ এশবছৰৰো কম সময়ৰ ভিতৰত এছিয়াত 1 লাখতকৈও অধিক বাঘৰ সংখ্যা কমি গৈ 3 হাজাৰলৈ হ্ৰাস হয় ৷ চিকাৰ, বনাঞ্চলৰ পৰিমাণ লোপ পোৱা ইত্যাদিয়েই পৃথিৱীৰ পৰা বাঘৰ সংখ্যা কমি যোৱাৰ মূল কাৰণ ৷ আনহাতে, বাঘৰ বিভিন্ন অংশৰে বিভিন্ন ৰোগৰ ঔষধ তৈয়াৰ কৰাৰ বাবেও বাঘ চিকাৰ কৰা হয় ৷ বাঘৰ হাড়,দাত,চকু,নাক,নেজ,মগজু, ছাল ইত্যাদি অংশবোৰ ব্যৱহাৰ হয় ৷ বাঘৰ সংখ্যা নোহোৱা হোৱাৰ ফলত পৃথিৱীৰ পৰিৱেশতন্ত্ৰ নষ্ট হ‘ব ৷ কাৰণ প্ৰত্যেকটো প্ৰজাতিয়েই পৰিৱেশৰ সৈতে খাপ খুৱাই ইটোৱে সিটোৰ ভাৰসাম্যতা ৰক্ষা কৰি আহিছে ৷ ভাৰত চৰকাৰে 1973 চনতে বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা প্ৰদান কৰিছে ৷ আশা কৰা হৈছে আগন্তুক দিনত বিলুপ্তিৰ পথত থকা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত এই বিশেষ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব ৷