ETV Bharat / state

Holi Celebration 2023 : মূল্যবৃদ্ধিৰ প্ৰভাৱ ফাকুৱাৰ বজাৰতো, মহানগৰীত উভৈনদী ফাকুৱাৰ বিভিন্ন উপকৰণ - holi celebration 2023

গুৱাহাটীৰ বজাৰত উভৈনদী ফাকুৱাৰ বিবিধ উপকৰণ (ingredients of holi in Guwahati market) । ফাকুৱাৰ বজাৰত এইবাৰ অন্যতম আকৰ্ষণ হৈছে পুষ্পা পিষ্টল ফিচকাৰী, মোডী মাস্ক আৰু মেজিক গিলাচ । আনহাতে, প্ৰতিবিধ সামগ্ৰীৰে মূল্য ১০-৩০ শতাংশলৈ বৃদ্ধি পাইছে ।

Holi
Holi
author img

By

Published : Mar 6, 2023, 9:17 PM IST

গুৱাহাটীৰ ফাকুৱাৰ বজাৰ

গুৱাহাটী, ৬ ম‍াৰ্চ : মাজত মাথোঁ কেইটামান ঘণ্টা বাকী । আহি আছে ৰঙৰ উৎসৱ হোলী । যাৰবাবে এতিয়া চৌদিশে উখল-মাখল পৰিৱেশ । মঙলবাৰৰ পৰা দুদিনীয়াকৈ সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ'ব ৰঙৰ উৎসৱ হোলী বা ফাকুৱা (holi celebration in India) । ইতিমধ্যে ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে (holi celebration in Assam)। লগতে ফাকুৱাৰ ৰং তথা বিভিন্ন উপকৰণেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন বজাৰ (ingredients of holi in Guwahati market) ।

ব্যৱসায়ীসকলে বিভিন্ন ফাকুৱাৰ সামগ্ৰীৰে বজাৰ উপচাই পেলোৱাৰ লগতে ক্ৰেতাক আকৰ্ষিত কৰিবলৈ চেষ্টা চলাই আহিছে । ফাকুৱাৰ বাবে গুৱাহাটীতো এতিয়া বজাৰত উভৈনদী হৈছে বিভিন্ন সামগ্ৰী (holi celebration 2023) । আনহাতে, সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ফাকুৱাক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । লগতে ফাকুৱাৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে বজাৰ । বিশেষকৈ শিশুসকলক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন ডিজাইনৰ ফিচকাৰী, মাস্ক, ৰং-বিৰঙী ফাকুগুড়িৰে উভৈনদী হৈ পৰিছে গুৱাহাটীৰ বজাৰ ।

ফাকুৱাৰ বজাৰত এইবাৰ অন্যতম আকৰ্ষণ হৈছে পুষ্পা পিষ্টল ফিচকাৰী, মোডী মাস্ক আৰু মেজিক গিলাচ (holi festival of India) । কানপুৰৰ পৰা অহা ব্যৱসায়ীসকলে প্ৰতিকিলোগ্ৰাম ফাকুগুড়ি ২০০ টকাকৈ বিক্ৰী কৰিছে । আনহাতে, হাৰবেল ফাকুবোৰ ২০ টকাৰ পৰা ৫০ টকা পৰ্যন্ত বিক্ৰী হৈছে । ইফালে ফিচকাৰী ৫০-৭০০ টকা, টি শ্বাৰ্ট ১২০ টকা, প্ৰতিটো মেজিক গিলাচ ৮০ টকা, মাস্ক ৫০ টকাৰ পৰা ১০০ টকা, পাগুৰি ১০০- ১৫০ টকা পৰ্যন্ত বিক্ৰী হৈছে । এই সামগ্ৰীবোৰ দিল্লী, কলকাতাৰ পৰা আহিছে ।

উল্লেখ্য যে ৰাজ্যত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ঊৰ্ধ্বমুখী মূল্যৰ মাজতে ফাকুৱাৰ বজাৰতো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে । বিগত বৰ্ষতকৈ ফাকুৱাৰ সামগ্ৰী প্ৰতিবিধৰ ১৫-৩০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি পাইছে । আনহাতে, ব্যৱসায়ীসকলে জনোৱা মতে, বিগতৰ বছৰৰ তুলনাত ফাকু, ফিচকাৰীৰ লগতে অন্যান্য সকলো সামগ্ৰীৰে এইবাৰ ১০-৩০ শতাংশ মূল্য বৃদ্ধি পাইছে ।

লগতে পঢ়ক :HSLC exam paper leaked: আকৌ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল; কাছাৰৰ এটা কেন্দ্ৰত পুনৰ হ’ব পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.