গুৱাহাটী,৬ আগষ্ট : তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু তথ্য আৰু জনসংযোগ সঞ্চালকালয়ক সাঙুৰি উদ্দেশ্য প্ৰণোদিত আৰু মিছা তথ্যৰে বাতৰি পৰিবেশন কৰাৰ অভিযোগ তুলি অসমৰ এটা নিউজ ৱেব প'ৰ্টেলৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৰুজু কৰিছে এই গোচৰ ।
শেহতীয়াকৈ অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো সংলগ্ন হৰ্ডিং লগোৱা বিষয়টো এক বাতৰি পৰিবেশ কৰিছিল ৱেব প'ৰ্টেলটোৱে ৷ যুক্তিহীনভাৱে ৱেব প'ৰ্টেলটোৱে এই বাতৰি পৰিবেশন কৰাৰ অভিযোগ তুলিছে তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷
লগতে পঢ়ক: সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা
৫ আগষ্টত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুতিথিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো সংলগ্ন হ'ৰ্ডিঙৰ ক্ষেত্ৰতো প'ৰ্টেলটোৱে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীক সাঙুৰি এক বাতৰি পৰিবেশন কৰিছে প'ৰ্টেলটোৱে ৷ বাতৰিটো শিৰোনাম আছিল "হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰিবলৈ গৈ সকিয়নীৰ সন্মুখীন হ'ল নেকি পীযুষ হাজৰিকা" ৷
![Information and Public Relations Department case against News Web Portal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-07-case-against-web-portal-7209925_06082021202635_0608f_1628261795_940.jpg)
ৱেব প'ৰ্টেলটোৱে বাতৰিটোত দাবী কৰা অনুসৰি হ'ৰ্ডিঙসমূহ মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁৰ অধীনত থকা তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰিবৰ বাবে প্ৰচাৰ কৰিছিল । কিন্তু তথ্য আৰু জনসংযোগ সঞ্চালকে আৰক্ষী থানাত তৰা গোচৰ অনুসৰি ওপৰত উল্লিখিত হ'ৰ্ডিঙবোৰৰ সৈতে তথ্য আৰু জনসংযোগ বিভাগৰ কোনো সম্পৰ্ক নাই ।
এনে ক্ষেত্ৰত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা বিভাগটোক উদ্দেশ্য প্ৰণোদিতভাৱে জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ এই বাতৰিটো প্ৰচাৰ কৰা বুলি অভিযোগ তুলি বিভাগৰ ফালৰ পৰা দিছপুৰ থানাত গোচৰ ৰুজু কৰা হৈছে ৷