ETV Bharat / state

Guwahati Dibrugarh flight:অৱতৰণ নকৰাকৈয়ে ডিব্ৰুগড়ৰ পৰা উভতিল ইণ্ডিগ’ বিমান

author img

By

Published : Jul 10, 2023, 6:59 PM IST

লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠৰ পৰা ডিব্ৰুগড়লৈ উৰামৰা ইণ্ডিগ’ বিমানে অৱতৰণ নকৰাকৈয়ে ওভতাক লৈ ৰহস্য় । ইয়াৰ পূৰ্বেও একেখন বিমানতে সংঘটিত হৈছিল দুবাৰকৈ যান্ত্ৰিক বিজুতি ।

Ghy Dibrugarh Indigo flight
লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠ

গুৱাহাটী, ১০ জুলাই : গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠৰ পৰা আজি ডিব্ৰুগড়লৈ উৰামৰা এখন ইণ্ডিগ’ বিমানে ৰহস্যজনকভাৱে ডিব্ৰুগড়ত অৱতৰণ নকৰাকৈয়ে উভতি আহি পুনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠত অৱতৰণ কৰে । বিমানখনে ডিব্ৰুগড়ত অৱতৰণ নকৰি বৰঝাৰ বিমান কোঠত অৱতৰণ কৰাক লৈ ৰহস্য়ৰ সৃষ্টি কৰিছে ৷ প্ৰাথমিক তথ্য মতে, ডিব্রুগড়ৰ মোহনবাৰী বিমান কোঠত অৱতৰণৰ সমস্যাৰ বাবেই পুনৰ গুৱাহাটীলৈ উভতি আহিব লগা হ’ল ডিব্রুগড় অভিমুখী বিমানখন । ইণ্ডিগ’ৰ 6E 2652 বিমানখন প্রতিকূল বতৰৰ বাবে ওভতাই পঠিওৱা হ’ল । এই বিমানখনত আছিল মুঠ ১৮৭ গৰাকী যাত্রী ।

দৃশ্যমান্যতা কম থকাৰ বাবেই এই ঘটনা সংঘটিত হয় ৷ ডিব্রুগড় বিমান বন্দৰত থকা Instrumental Landing System নামৰ ব্যৱস্থাটো বন্ধ থকাৰ বাবেই বিমানখনে অৱতৰণ কৰিব নোৱাৰিলে বুলি কোৱা হৈছে । উল্লেখ্য় যে যোৱা মাৰ্চৰ পৰা এই ব্যৱস্থাটো বন্ধ কৰি থোৱা আছে ৰহস্যজনক কাৰণত ৷ কিন্তু এই পৰ্যন্ত কোনো এটা বিমান কোঠৰ কৰ্তৃপক্ষই এই বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও 6E-2652 নম্বৰৰ একেখন বিমানতে সংঘটিত হৈছিল দুবাৰকৈ যান্ত্ৰিক বিজুতিৰ ঘটনা ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য় অনুসৰি সোমবাৰে বৰঝাৰ বিমান কোঠতো জৰুৰী অৱতৰণৰ পূৰ্বে বিমানখনৰ পৰা ওলাইছিল প্ৰচণ্ড শব্দ । মাত্ৰ কেইদিনমান পূৰ্বেও বিমানখনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ টেলী,মন্ত্ৰী বিমল বড়া,ৰঞ্জিৎ কুমাৰ দাস,প্ৰশান্ত ফুকন,নৱ দলেসহ কেইবাগৰাকী মন্ত্ৰী বিধায়কে এই বিমানখনৰ তিক্ত অভিজ্ঞতা লৈ ইণ্ডিগ' বিমানৰ বিৰুদ্ধে মন্তব্য কৰিছিল । এই বিমানখনৰ বিজুতিৰ বাবে সেইদিনাও জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হৈছিল । আজিও ডিব্ৰুগড়মুখী একেই বিমানখন পুনৰ উভতি বৰঝাৰ বিমান কোঠত অৱতৰণ কৰা বিষয়টোৰ লগতে ইণ্ডিগ’ আৰু বিমান বন্দৰ কৰ্তৃপক্ষৰ মৌনতাই ৰহস্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক:Public Protest at Lahowal: পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ গাত হাত দিয়া অভিযোগক অস্বীকাৰ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.