গুৱাহাটী,4 ডিচেম্বৰঃ ভাৰতীয় তেল নিগমৰ নতুন অফাৰ । তেল ভৰাওক আৰু লৈ যাওক বাহন আৰু নগদ ধন। আজিৰে পৰা মুকলি কৰা হল ইণ্ডিয়ান অইলৰ এক বিশেষ অফাৰ । ইণ্ডিয়ান অইল কাৰ্নিভেল নামৰ এই বিশেষ স্ক্ৰীমৰ জৰিয়তে ইণ্ডিয়ান অইল পেট্ৰল পাম্পত তেল ভৰোৱা সৌভাগ্যবান গ্ৰাহকে লাভ কৰিব এই বিশেষ অফাৰ।
উল্লেখযোগ্য যে, 4 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ নতুন বছৰৰ প্ৰাক ক্ষণত ইণ্ডিয়ান অইলে গ্ৰাহকলৈ আগবঢ়াইছে এই বিশেষ উপহাৰ । পেট্ৰল পাম্পত গ্ৰাহকে নূন্যতম 400 টকাৰ পেট্ৰল বা ডিজেল ক্ৰয় কৰি এটা বিশেষ নম্বৰলৈ পঠিয়াব লাগিব এছ এম এছ আৰু তাৰ মাজত সৌভাগ্যবান গ্ৰাহকে লাভ কৰিব পাৰিব চাৰিচকীয়া বাহন, বাইক, নগদ পাছ হাজাৰ টকা আৰু এশ টকালৈ উপহাৰ ।
লগতে পঢ়কঃ কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী