ETV Bharat / state

ভোটৰ যুদ্ধত "ইণ্ডিয়া ফাউণ্ডেছন" বনাম "ডিজাইন বক্স" - ডিজাইন বক্স

আগন্তুক নিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ এই নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কোটি কোটি টকাৰ কৰ্পোৰেট ব্যৱসায় । ভোটৰ যুদ্ধত এতিয়া "ইণ্ডিয়া ফাউণ্ডেছন" বনাম "ডিজাইন বক্স" ৷

ভোটৰ যুদ্ধত "ইণ্ডিয়া ফাউণ্ডেছন" বনাম "ডিজাইন বক্স"

author img

By

Published : Feb 19, 2021, 6:54 AM IST

Updated : Feb 19, 2021, 10:44 AM IST

গুৱাহাটী, 19 ফেব্ৰুৱাৰীঃ সমাগত নিৰ্বাচন 2021 চনৰ নিৰ্বাচন ৷ আগন্তুক নিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ কিন্তু এই নিৰ্বাচন বা ভোটযুদ্ধ এতিয়া আৰু কেৱল ৰাজনৈতিক বিষয় হৈ থকা নাই । এই নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কোটি কোটি টকাৰ কৰ্পোৰেট ব্যৱসায় । অসমত এই সময়ত ফাগুণৰ বতাহৰ সমান্তৰালকৈ ববলৈ আৰম্ভ কৰিছে নিৰ্বাচনী বতাহো । এই নিৰ্বাচনী বতাহ এতিয়া মাথো ৰাজনৈতিক দলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই । ৰাজনৈতিক দলে নিজৰ পক্ষত ভোট আনিবলৈ হ'লে কি কি পন্থা অৱলম্বন কৰিব লাগিব তাক নিৰ্ভুল বিশ্লেষণৰ বাবে কোটিৰ ঘৰত টকা ব্যয় কৰি নিয়োগ কৰা হৈছে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানক ।

ভোটৰ যুদ্ধত
ভোটৰ যুদ্ধত "ইণ্ডিয়া ফাউণ্ডেছন" বনাম "ডিজাইন বক্স"

ৰাজ্যৰ দুই প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ৰণ কৌশল যুগুতাই উলিয়াবলৈ দেশৰ দুটা আগশাৰীৰ ব্যক্তিগত পেচাদাৰী প্ৰতিষ্ঠানক ইতিমধ্যে দল দুটাই নিয়োগ কৰিছে । বিজেপিৰ নিৰ্বাচনী ষ্ট্ৰেটেজি প্ৰস্তুতকৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে "ইণ্ডিয়া ফাউণ্ডেছন" নামৰ দেশৰ এটা আগশাৰীৰ পেচাদাৰী প্ৰতিষ্ঠানক । এই প্ৰতিষ্ঠানটোৱে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে বিজেপিয়ে চ'ছিয়েল মিডিয়াত প্ৰয়োগ কৰিবলগীয়া নিৰ্বাচনী ৰণ কৌশল । কেৱল চ'ছিয়েল মিডিয়াই নহয়, দলটোৰ সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল ৰণ নীতি ইতিমধ্যে চূড়ান্ত কৰিছে "ইণ্ডিয়া ফাউণ্ডেছন"য়ে । এই প্ৰতিষ্ঠানটোৰ মালিক হৈছে বিজেপিৰে এজন জ্যেষ্ঠ নেতা ৰাম মাধৱ । যি ইতিমধ্যে দলৰ অসমৰ প্ৰভাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি গৈছে ।

আনহাতে, অনুৰূপভাবে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা আৰম্ভ কৰি ভোট কেন্দ্ৰীক সকলো কৌশল প্ৰস্তুতকৰণৰ বাবে নিয়োগ কৰা হৈছে পঞ্জাবৰ "ডিজাইন বক্স" নামৰ পেচাদাৰী প্ৰতিষ্ঠানটোক । ইতিমধ্যে অসমৰ ভোটৰ যুদ্ধত পূৰ্ণোদ্যমে নামি পৰিছে "ডিজাইন বক্স" । কংগ্ৰেছ দলে সম্প্ৰতি "অসম বচাও আহক" শীৰ্ষক যি অভিযান আৰম্ভ কৰিছে সেয়াও "ডিজাইন বক্স"ৰে সৃষ্টি । এই পেছাদাৰী ৰাজনৈতিক এজেঞ্চিটোৰ মালিক হৈছে নৰেশ আৰোৱা । ইতিমধ্যে "ডিজাইন বক্স" পঞ্জাৱ আৰু ৰাজস্থানৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ কাম কৰিছিল আৰু কংগ্ৰেছে তাৰ সুফলো লাভ কৰিছিল । কিন্তু অসমত ডিজাইন বক্সে কংগ্ৰেছৰ কপাল ফুলাব পাৰিব নে নাই সেয়া নিৰ্বাচনৰ ফলাফলেহে কব । মুঠতে এতিয়া অসমৰ ভোটযুদ্ধত একপ্ৰকাৰ সমুখ সমৰত নামিছে "ডিজাইন বক্স" আৰু "ইণ্ডিয়া ফাউণ্ডেছন"।

লগতে পঢ়কঃ বঙাইগাঁৱৰ পৰা পৰীক্ষামূলক ভাৱে চলিল অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে'ল ইঞ্জিন

Last Updated : Feb 19, 2021, 10:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.