ETV Bharat / state

লক্​ ডাউনৰ মাজতে ৮০ কোটিটো অধিক উপাৰ্জন পশুধন নিগমৰ - আফ্ৰিকান ছোৱাইন ফিভাৰ

লক্​ ডাউনৰ সময়ছোৱাত প্ৰায় ৮০ কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে অসম পশুধন নিগমে । কণী, ব্ৰইলাৰ মুৰ্গী মাংস আৰু ছাগলী মাংসৰ বিক্ৰীৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ ধন অৰ্জন কৰে নিগমে ।

Increases eighty crore saleing meat by alpco guwahati kamrup metro assam etv bharat news
অসম পশুধন নিগমৰ সংবাদমেল
author img

By

Published : May 12, 2020, 8:50 PM IST

Updated : May 12, 2020, 8:59 PM IST

গুৱাহাটী,12 মে’: যি সময়ত Covid 19 ৰ সংক্ৰমণৰ বাবে সমগ্ৰ বিশ্বৰ অৰ্থনীতি নিম্নগামী হৈছে, সেই সময়তে বৃহৎ পৰিমাণৰ ধনৰাশি অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম পশুধন নিগমে । নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই মংগলবাৰে এক সংবাদমেল সম্বোধন কৰি দ্বিতীয় পৰ্যায়ৰ লক্​ ডাউনৰ পৰা বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যতে অসম পশুধন নিগমে 80 কোটিতকৈও অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱাৰ কথা প্ৰকাশ কৰে ।

অসম পশুধন নিগমৰ সংবাদমেল

লক্​ ডাউনৰ সময়ছোৱাত নিগমে ৰাজ্যত প্ৰায় 35 কোটি টকাৰ 1,476 টন ব্ৰইলাৰ মাংস, 2 কোটি 23 লাখ টকাৰ 34.39 টন ছাগলী মাংস, 6 কোটি 93 লাখ টকাৰ 76190 কাৰ্টুন কণী বিক্ৰী কৰিবলৈ সক্ষম হৈছে । আনহাতে,মাত্ৰ গুৱাহাটী মহানগৰীতে নিগমে 43 লাখ টকাৰ 18 টন ব্ৰইলাৰ মাংস, 1 কোটি 75 লাখ টকাৰ 27 টন ছাগলীৰ মাংস আৰু 2800 প্লেট কণী বিক্ৰী কৰিবলৈ সক্ষম হৈছে । ইয়াৰ সমান্তৰালভাৱে নিগমৰ অন্তৰ্গত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে 200 তকৈ অধিক শিক্ষিত নিবনুৱাই এই সময়ত কৰ্মসংস্থাপন লাভ কৰিছে । কৰ্মসংস্থাপন লাভ কৰা নিবনুৱাসকলৰ ভিতৰত পশু চিকিৎসা মহাবিদ্য়ালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰা ছাত্ৰও আছে ।

উল্লেখ্য যে,কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ ৰাজ্যত গাহৰিৰ শৰীৰত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত শইকীয়াই কয়, যিহেতু ৰোগবিধৰ কোনো চিকিৎসা নাই গতিকে গাহৰি পালকসকলে সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব । গাহৰিৰ ক্ষেত্ৰত দেখা দিয়া এই বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰক কেন্দ্ৰ চৰকাৰৰ সাহায্যৰ প্ৰয়োজন বুলি সংবাদমেলখনত মন্তব্য কৰে মনোজ শইকীয়াই ।

লগতে চাওকঃ এগৰাকী অকলশৰীয়া মহিলাৰ কৰুণ কাহিনী...

Last Updated : May 12, 2020, 8:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.