ETV Bharat / state

BTCত বিজেপিয়ে এখনো আসনত জয়লাভ কৰিব নোৱাৰেঃনৱ শৰণীয়া

author img

By

Published : Nov 11, 2020, 9:54 PM IST

বুধবাৰে দিচপুৰ প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে সাংসদ নৱ শৰণীয়া ৷ বিজেপি চৰকাৰক সমালোচনা কৰি BJP য়ে BTCত এখনো আসনত জয়ী হ'ব নোৱাৰে বুলি মন্তব্য কৰে শৰণীয়াই ৷

In BTC, the BJP Can't win a seat
BTCত বিজেপিয়ে এখনো আসনত জয়লাভ কৰিব নোৱাৰেঃনৱ শৰণীয়া

গুৱাহাটী,11নৱেম্বৰঃ BTCত ৰাইজে অধিকাৰৰ বাবে যুঁজিব লগা হৈছে ৷ এই আক্ষেপ সাংসদ নৱ শৰণীয়াৰ ৷ বুধবাৰে দিচপুৰ প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে সাংসদগৰাকী ৷সাংসদগৰাকীয়ে কয় যে,দাস,ডেকা,শৰণীয়া আদিক চৰকাৰে কছাৰী হিচাবে স্বীকৃতি দিছে ৷ কিন্তু ওদালগুৰিত এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বিষয়ে অৱগত কৰা হৈছিল যদিও গুৰুত্ব নিদিলে বুলি অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ৷

তদুপৰি নৱ শৰণীয়াই বিজেপি চৰকাৰক সমালোচনা কৰি BJP য়ে BTCত এখনো আসনত জয়ী হ'ব নোৱাৰে বুলি মন্তব্য কৰে ৷ তদুপৰি BTCত BJP য়ে ভোট পালে অবড়োৰ আসন কমিব,তেতিয়া ইউপিপিএল দলৰ লাভ হ'ব বুলিও কয় সাংসদগৰাকীয়ে ৷ আনহাতে বিপিএফ ত্যাগ কৰা সাংসদ বিশ্বজিৎ দৈমাৰী সন্দৰ্ভত শৰণীয়াই কয় যে, ৰাজ্যসভাত নিৰ্বাচন খেলোঁতেই তেওঁ জানিছিল দৈমাৰী বিপিএফৰ নহয়,বিজেপি প্ৰাৰ্থীহে ৷

লগতে পঢ়কঃ বঙাইগাঁৱৰ তেল ডিপোত সংঘটিত ডকাইতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.