ETV Bharat / state

New Covid outbreak: ক’ভিডৰ সংক্ৰমণক লৈ ৰাইজক শংকিত নহ’বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

author img

By

Published : Dec 22, 2022, 9:25 PM IST

ক'ভিডৰ নতুন সংক্ৰমণক লৈ দিছপুৰত স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক(Health Minister Keshab Mahanta) । সতৰ্কতাৰে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ৰাজ্য চৰকাৰে । ৰাজ্যত সম্প্ৰতি নতুনকৈ ক'ভিড সংক্ৰমণ ধৰা পৰা নাই যদিও স্বাস্থ্য বিভাগে সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰাৰ লগতে বিগত আঢ়ৈ বছৰৰ অভিজ্ঞতাৰ আধাৰত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ বিভাগীয় ব্যৱস্থাপনা সষ্টম কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

New Covid outbreak
দিছপুৰত স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, ২২ ডিচেম্বৰ: চীন, জাপানকে ধৰি কেইখনমান দেশত শেহতীয়াকৈ ক'ভিড-১৯ৰ নতুন প্ৰকৰণ বি এফ-৭ৰ সংক্ৰমণক(Covid Variant BF.7) লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণৰ পাছত অসমতো ৰাজ্য চৰকাৰে এইক্ষেত্ৰত সতৰ্কতাৰে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে । এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে দিছপুৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয় ।

বৈঠকত ক'ভিড ভাইৰাছৰ নতুন প্ৰকৰণ বি এফ-৭ সম্পৰ্কীয় বিভিন্ন দিশ সন্দৰ্ভত চৰ্চা কৰাৰ লগতে অসমত এই সন্দৰ্ভত সতৰ্কতাৰে নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণৰ বিষয়ে বিতং ভাৱে আলোচনা কৰা হয়(Covid outbreak in Assam) । ৰাজ্যত সম্প্ৰতি নতুনকৈ ক'ভিড সংক্ৰমণ ধৰা পৰা নাই যদিও স্বাস্থ্য বিভাগে সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰাৰ লগতে বিগত আঢ়ৈ বছৰৰ অভিজ্ঞতাৰ আধাৰত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ বিভাগীয় ব্যৱস্থাপনা সষ্টম কৰি ৰখাৰ বাবে বৈঠকত ঠিৰাং কৰা হয় ।

তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্যখনত নতুনকৈ কোনো ক'ভিড সংক্ৰমণৰ ঘটনা চিনাক্ত হ'লেই তেনে প্ৰতিটো নমুনাৰে পৰীক্ষাগাৰত জিনীয় বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হ'ব । ইপিনে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত সজাগ দৃষ্টি ৰাখিছে যদিও অসমত এই লৈ ৰাইজ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক আশ্বস্ত কৰে ।

ইপিনে চীনকে ধৰি কেইখনমান দেশত পুনৰ ক'ভিড সংক্ৰমণৰ খবৰ আহিছে যদিও ভাৰতত ক'ভিডক লৈ এতিয়াও নতুনকৈ কোনো চিন্তাজনক পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই বুলি দোহাৰি স্বাস্থ্যমন্ত্ৰী মহন্তই অসমতো বিগত কিছুদিন ধৰি কোনো নতুন সংক্ৰমণ চিনাক্ত নোহোৱা বুলি উল্লেখ কৰে ।

বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এন এইচ এম অসমৰ সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, অসম চিকিৎসা সেৱা নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ডাঃ ৰবীন্দ্ৰ কুমাৰ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : The COVID-19 Menace: প্ৰভাৱ নাই যদিও ক'ভিডক লৈ ৰাজ্যসমূহলৈ কেন্দ্ৰৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.