গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ (Chief Judicial Magistrate) আদালতৰ এক নিৰ্দেশ অনুসৰি গুৱাহাটীৰ বৰাগাঁৱত চাৰি বছৰ পূৰ্বে জব্দ কৰা ৪৬.১১ লাখ টকাৰ বিভিন্ন ব্ৰেণ্ডৰ ভাৰতত নিৰ্মিত বিলাতী সুৰা নষ্ট কৰা হয় । আবকাৰী বিভাগ (Excise Department) আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ (BIEO) যৌথ উদ্যোগত সুৰাখিনি নষ্ট কৰি পেলোৱা হয় ।
![wine destroy](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13070516_3x2_thn_880.jpg)
২০১৭ চনৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীৰ সৰুসজাইত ৪৬.১১ লাখ টকা মূল্যৰ বিভিন্ন ব্ৰেণ্ডৰ ১,৪০৫ কার্টন বিলাতী সুৰা আৰু ৯ বটল বিয়েৰ জব্দ কৰিছিল আবকাৰী বিভাগ আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই । ৰাজেশ জালান নামৰ এজন সুৰা ব্যৱসায়ীৰ পৰা অবৈধ সুৰাখিনি জব্দ কৰাৰ পাছত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাত ৭/২০১৭ নম্বৰৰ এটা গোচৰ ৰজু কৰা হৈছিল ।
পাছত জব্দ কৰা সুৰাখিনি আবকাৰী বিভাগৰ তত্বাৱধানত গুৱাহাটীৰ ৰুবী বণ্ডেড ৱেৰহাউছত মজুত কৰি ৰখা হৈছিল । অৱশেষত চাৰি বছৰৰ অন্তত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে তিনি ছেপ্টেম্বৰত এক নির্দেশনাযোগে জব্দ কৰি ৰখা সুৰাখিনি নষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে ।
![wine destroy](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13070516_3x2_thn_800.jpg)
সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত বৰাগাঁৱৰ ৰাহুল কাটাৰ সমীপত গাঁত খান্দি আবকাৰী আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই সুৰাখিনি নষ্ট কৰে । সুৰা নষ্ট কৰাৰ সময়ত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক মনমোহন বড়ো আৰু আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ উপ আবকাৰী অধীক্ষক কমল বৰ্মনৰ নেতৃত্বত দুয়োটা বিভাগৰ দুটাকৈ বৃহৎ দল উপস্থিত থাকে ।
লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : আটক 2