ETV Bharat / state

তলাবন্ধৰ সুযোগ গ্ৰহণ একাংশ চুলাই বিক্ৰেতাৰ - কাৰ্বি আংলং সীমান্ত

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে তলাবন্ধ ৷ তলাবন্ধৰ মাজতো অব্যাহত ৰাখিব দিছে আৱশ্যকীয় সামগ্ৰীসমূহৰ সেৱা ৷ কিন্তু প্ৰশাসনৰ এই নিৰ্দেশনাৰ সুযোগ গ্ৰহণ কৰিছে ৰাজ্যৰ একাংশ চুলাই মদ বিক্ৰেতাই ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে উৎখাত কৰিছে চুলাই মদৰ ঘটিৰ লগতে আটক কৰিছে চুলাই মদ বিক্ৰেতাক ৷

Illegal local liquor sell at Assam during lock down
তলাবন্ধৰ সুযোগ গ্ৰহণ একাংশ চুলাই বিক্ৰেতাৰ
author img

By

Published : Mar 27, 2020, 5:19 PM IST

নিউজ ডেক্স,27 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে তলাবন্ধ ৷ তলাবন্ধৰ মাজতো অব্যাহত ৰাখিব দিছে আৱশ্যকীয় সামগ্ৰীসমূহৰ সেৱা ৷ কিন্তু প্ৰশাসনৰ এই নিৰ্দেশনাৰ সুযোগ গ্ৰহণ কৰিছে ৰাজ্যৰ একাংশ চুলাই মদ বিক্ৰেতাই ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে উৎখাত কৰিছে চুলাই মদৰ ঘটিৰ লগতে আটক কৰিছে চুলাই মদ বিক্ৰেতাক ৷ বন্ধৰ মাজতেই আমিনগাঁৱত চুলাই মদ বিক্ৰী কৰিবলৈ আহি আলৈ আথানি হ’ল এজন চুলাই মদ বিক্ৰেতাৰ ৷ দুখন মোনাত ভাৰ বান্ধি বিক্ৰী কৰিবলৈ অনা মদেৰেই গা-ধুৱালে আৰক্ষীয়ে ৷

আমিনগাঁৱত চুলাই মদ বিক্ৰী

ইয়াৰ সমান্তৰালকৈ,বঙাইগাঁৱৰ বইটামাৰীৰ পঞ্চপুৰত গজেন সূত্ৰধৰ নামৰ এজন লোকৰ ঘৰত অভিযান চলায় আৰক্ষীয়ে ৷ ইটামাৰী আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া আনন্দ ডেকাৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰা হয় ৷

বঙাইগাঁৱত চুলাই মদৰ ঘাটি উৎখাত

দেশজুৰি জৰুৰীকালীন সেৱা অব্যাহত ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ ৷ কিন্তু জৰুৰীকালীন সেৱাৰ আঁৰত সুৰাৰ ৰমৰমীয়া বেহা চলাইছে মহানগৰীৰ এখন ফাৰ্মাচীয়ে ৷ আৰক্ষী-প্ৰশাসনৰ নীতি নিয়ম ভৰিৰে মোহাৰি মহানগৰীৰ বৰাগাঁৱত জনৈক মেৰন নামৰ এগৰাকী ব্যক্তিয়ে ফাৰ্মাচীত বিক্ৰী কৰিছে সুৰা ৷ ফাৰ্মাচীৰ ব্যক্তিজনে নিজেই উল্লেখ কৰে এই কথা ৷ গোপন কেমেৰাত বন্দী হয় ফাৰ্মাচিষ্টজনৰ সকলো ভাষ্য ৷

গুাৱহাটীত ফাৰ্মাচীত বিক্ৰী সুৰা

আনহাতে,গোলাঘাটতো দেখিবলৈ পোৱা গ’ল একে দৃশ্য ৷ গোলাঘাটৰ নুমলীগৰ ৰ সুন্দৰ পুৰত কাৰ্বি আংলং সীমান্তৰ পৰা বিক্ৰীৰ বাবে অনা হৈছে চুলাই ৷ চুলাই বেপাৰীক হাতে লোটে ধৰা পেলাই উত্তম মাধ্যম দিয়ে গাঁওৰক্ষী বাহিনীয়ে ৷

গোলাঘাটত সুৰা বিক্ৰী

এনেদৰেই দেশৰ জৰুৰীকালীন সময়ছোৱাত একাংশ সুবিধাবাদী লোকে দাঙি ধৰিছে নিজৰ চৰম কাণ্ডজ্ঞানহীনতাৰ পৰিচয় ৷

লগতে পঢ়ক-COVID-19 : গাওঁসমূহক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.