ETV Bharat / state

BJP Kishan morcha news: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাত স্বামীৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 12, 2023, 6:09 PM IST

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰাৰ পিছতে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত জোকাৰণিৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত বিজেপি নেতা-কৰ্মীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও প্ৰথমবাৰলৈ মুখ খুলিছে ইন্দ্ৰাণী তহবিলদাৰৰ স্বামী ৰীতেশ তহবিলদাৰে ।

Husband reacts to Indrani Tahbilder suicide
ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাত স্বামীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,১২ আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰাৰ পিছতে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত জোকাৰণিৰ সৃষ্টি হৈছে । এই মুহুৰ্তলৈ কোনো বিজেপি নেতা কৰ্মীয়ে বিষয়টোৰ সন্দৰ্ভত মুখ খোলা নাই । ইন্দ্ৰাণী তহবিলদাৰৰ স্বামী ৰীতেশ তহবিলদাৰে সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁ শুকুৰবাৰৰ পৰা ঘৰত নাছিল । গতিকে তেওঁ এই বিষয়ে একো নাজানে ।

যি ঘটনা ঘটিলে খুবেই দুখনীয় বুলি উল্লেখ কৰি মানসিকভাৱে একো ক'ব পৰা অৱস্থাত নাই মনৰ ভাৱ ব্যক্ত কৰে । লগতে পৰৱৰ্তী সময়ত সকলো জনাম বুলি তেওঁ কয় । উল্লেখ্য যে গুৱাহাটীৰ বামুণীমৈদামৰ বাসিন্দা অসম বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদিকা পদত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰি থকা ইন্দ্ৰাণী তহবিলদাৰক শুকুৰবাৰে আবেলি সংজ্ঞাহীন অৱস্থাত ঘৰত পৰি থকা অৱস্থাত দেখি পৰিয়ালৰ লোকে চানমাৰি আৰক্ষী থানাত খবৰ দিয়ে ।

খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত ইন্দ্ৰাণী তহবিলদাৰক হৈ জি এম চি এইছলৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

গোলাঘাটৰ বিজেপি নেতা অনুৰাগ চলিহাৰ লগত থকা আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে শ্লিপিং টেবলেট খাই আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় ইন্দ্ৰাণীয়ে । অনুৰাগ চলিহাৰ লগত থকা আপত্তিজনক ফটো কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিলে তাৰ অনুসন্ধানত নামি পৰিছে আৰক্ষী । কাৰ মোবাইলৰ পৰা প্ৰথমে ফটো ভাইৰেল হ'ল সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে অৰক্ষীয়ে । কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষী আৰু বিজেপি কৰ্মীয়ে কোনোৱে বৰ্তমানলৈ মুখ খোলা নাই ।

মন কৰিবলগীয়া যে, নাৰী সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি হাতত লোৱা বিজেপি দলৰ ভিতৰতে নাৰীৰ সুৰক্ষা নোহোৱা হৈছে বুলি এতিয়া এক অভিযোগ উত্থাপন হৈছে । সতীৰ্থৰ ব্লেকমেইলিঙৰ বলি হৈ বিজেপি নেত্ৰীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’বলগীয়া হৈছে বুলি চৰ্চা চলা দেখা গৈছে । মুঠৰ ওপৰত বিজেপিৰ শীৰ্ষ নেত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছতে দলটোৰ ভিতৰ মহলাত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ ।

লগতে পঢ়ক: Yarn Bank for Weavers: সূতা বেংকত শূন্য সূতা ! শিপিনীসকলক স্বনিৰ্ভৰশীল কৰাৰ নামত প্ৰৱঞ্চনা চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.