ETV Bharat / state

এনকাউণ্টাৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াৰ

author img

By

Published : Apr 14, 2022, 10:29 PM IST

অসমত সংঘটিত এনকাউণ্টাৰ (Encounter cases in Assam) সম্পৰ্কে প্ৰতিক্ৰিয়া অব্যাহত । মানৱ অধিকাৰ তথা সমাজকৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা অসমত মানৱ অধিকাৰ উলংঘনৰ শ শ ঘটনা সংঘটিত হৈছে । অসম আৰক্ষীৰ এটা অংশই কেৱল সন্দেহযুক্ত অপৰাধীকে নহয়, নিৰীহ লোককো কোনো দোষ নোহোৱাকৈ শাস্তি দিছে । বিজেপি চৰকাৰে ভুৱা এনকাউণ্টাৰৰ জৰিয়তে অসমত মুকলি হত্যাকাণ্ড চলাইছে ।

Dibyajyoti Saikia
মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৪ এপ্ৰিল : অসমত শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে এনকাউণ্টাৰৰ ঘটনা (Encounter cases increased in Assam)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আৰক্ষীৰে হোৱা এনকাউণ্টাৰত ৪৪ জন অভিযুক্ত নিহত হোৱাৰ লগতে শতাধিক আহত হৈছে । ৰাজ্যখনৰ ক্ৰমবৰ্ধিত এনকাউণ্টাৰৰ ঘটনাকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সমান্তৰালকৈ এনকাউণ্টাৰৰ বহু কেইটা ঘটনা মানৱ অধিকাৰ আয়োগৰ বিচাৰাধীন হৈ আছে ।

ইফালে এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ লগতে সামাজিক সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা অসমত মানৱ অধিকাৰ উলংঘনৰ শ শ ঘটনা সংঘটিত হৈছে (Dr Dibyajyoti Saikia reacts on encounter cases in Assam)। অসম আৰক্ষীৰ এটা অংশই কেৱল সন্দেহযুক্ত অপৰাধীকে নহয়, নিৰীহ লোককো কোনো দোষ নোহোৱাকৈ শাস্তি দিছে বুলি তেওঁ অভিযোগ কৰে ।

এনকাউণ্টাৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াৰ

তেওঁ লগতে কয় যে ৰাজপথত সাধাৰণ লোকক অত্যাচাৰ কৰি এক বিশৃংখল পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা হৈছে । এনে অমানৱীয় কাৰ্য কেৱল মানৱ অধিকাৰৰেই উলংঘন নহয়, মৌলিক অধিকাৰৰো উলংঘন বুলি তেওঁ সদৰি কৰে ।

ৰাজ্যখনত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনা (Police encounter in Assam) সন্দৰ্ভত তেওঁ ইতিমধ্যে ভাৰতৰ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰিছে । বিজেপি চৰকাৰে ভুৱা এনকাউণ্টাৰৰ জৰিয়তে অসমত মুকলি হত্যাকাণ্ড চলাইছে বুলি অভিযোগ কৰি তেওঁ ইয়াৰ আঁৰত চৰকাৰৰ গোপন অভিসন্ধি থকাৰ সন্দেহ প্ৰকাশ কৰিছে । প্ৰসংগ ক্ৰমে তেওঁ শেহতীয়া সূৰজ গগৈৰ এনকাউণ্টাৰৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Cyber Attack in Oil India Limited : স্তব্ধ হৈ পৰিছে অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.