গুৱাহাটী, 27 জানুৱাৰীঃ সোমবাৰে দিল্লীত তৃতীয়খন বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ মাত্ৰ কেইঘন্টামানৰ ভিতৰতে অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক সালসলনি ঘটোৱা হয় । সেই অনুসৰি সীমান্ত শাখাৰ আৰক্ষী মহাপৰিদৰ্শক ভায়লেট বৰুৱাক বিটিএডিৰ মহাপৰিদৰ্শকৰূপে বদলি কৰা হৈছে । একেদৰে, উত্তৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক লাচিত বৰুৱাক চিআইডিৰ মহাপৰিদৰ্শকৰূপে তথা চিআইডিৰডিৰ পৰিদৰ্শক মৃদুলানন্দ শৰ্মাক উত্তৰ মণ্ডলৰ মহাপৰিদৰ্শকৰূপে বদলি কৰা হৈছে ।
আনহাতে, আৰক্ষী প্ৰশিক্ষণ শাখাৰ মহাপৰিদৰ্শক ৰাণা ভূঞাক সীমান্ত শাখাৰ মহাপৰিদৰ্শক আৰু উত্তৰ-পূৱ মণ্ডলৰ মহাপৰিদৰ্শক প্ৰশান্ত ভূঞাক আৰক্ষী প্ৰশিক্ষণৰ মহাপৰিদৰ্শক হিচাপে সলনি কৰা হয় ৷ ইয়াৰোপৰি যোৰহাট আৰক্ষী অধীক্ষক জিৎমল দলেক পদোন্নতি সহকাৰে উত্তৰ পূৱ মণ্ডলৰ মহাপৰিদৰ্শক আৰু মান্দাকাটাৰ কামাণ্ডো বেটেলিয়নৰ কমাণ্ডেন্ট ড৹ ৰমনদীপ কৌৰক পশ্চিম কাৰ্বি আংলঙৰ অধীক্ষকৰূপে তথা পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰক যোৰহাটৰ অধীক্ষক ৰূপে বদলি কৰা হৈছে ।
আৰু পঢ়কঃতৃতীয় বড়ো চুক্তি ৰাজ্যৰ বাবে শুভ বাৰ্তা : প্ৰমীলা ৰাণী ব্ৰহ্ম