ETV Bharat / state

মহানগৰীত বিস্ফোৰক উদ্ধাৰ : আৰক্ষীয়ে কি কয় ? - GELATIN STICK

দুৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত গুৱাহাটী মহানগৰীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসহ ৩ জন লোকক ‍আটক কৰে আৰক্ষীয়ে । ধৃত লোককেইজন ক্ৰমে ৰহিম বাদশ্বাহ, আইনুল আলি, আচাদুল ইছলাম ।

GARCHUK POLICE
বিস্ফোৰক সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত 3 জনক আটক গড়চুক আৰক্ষীৰ
author img

By

Published : Oct 1, 2021, 4:34 PM IST

গুৱাহাটী, ১ অক্টোবৰ : দুৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত গুৱাহাটী মহানগৰীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসহ ৩ জন লোকক ‍আটক কৰে আৰক্ষীয়ে । ধৃত লোককেইজন ক্ৰমে ৰহিম বাদশ্বাহ, আইনুল আলি, আচাদুল ইছলাম ।

বিস্ফোৰক সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত 3 জনক আটক গড়চুক আৰক্ষীৰ

আৰক্ষীয়ে জনোৱা মতে, পুৱা ভাগত গড়চুক আৰক্ষীৰ তহলদাৰী এটা দলে লখৰাৰ পৰা গড়চুক আভিমুখে আহি এখন চাৰিচকীয়াবাহনৰ পৰা বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰে ৷ বাহনখনৰ নম্বৰ হৈছে AS-15AC-4867 ৷ দ্ৰুত গতিত আহি আছিল বাহনখন ৷

লগতে পঢ়ক: ৰাইজৰ নিঃস্বাৰ্থ সেৱাত নিয়োজিত আৰক্ষীলৈ ‘অসম আৰক্ষী দিৱস’ৰ শুভেচ্ছা

উল্লেখ্য যে, প্ৰথম অৱস্থাত আৰক্ষীয়ে বাহনখন ৰাখিবলৈ সংকেত দিয়ে যদিও বাহনখন ৰখোৱাৰ বিপৰীতে দ্ৰুত গতিত সেই স্থানৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ৷ বাহনখনৰ পৰা আৰক্ষীয়ে ৪৬৬০ পিচ জিলেটিন ষ্টীক আৰু ২৩০০ পিচ ইলেট্ৰিক ডেটনেটৰ(Gelatin Sticks 4660 Pcs and Electric Detonators 2300 PCs ) জব্দ কৰে ।

ধৃত লোক কেইজনক বৰ্তমান সোধ-পোচ অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে । বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী খিনি মেঘালয়ৰ পৰা পৰা ৰাণীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে লৈ অহা হৈছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: গোলাঘাটত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.