ETV Bharat / state

অহা বছৰৰ পৰা সংবাদমাধ্য়মক আগতীয়াকৈ দিয়া নহ'ব ফলাফল: শিক্ষামন্ত্ৰী

author img

By

Published : Jun 7, 2022, 10:39 PM IST

অহা বছৰৰ পৰা আগতীয়াকৈ সংবাদমাধ্যমক দিয়া নহ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বুকলেট ৷ এইবাৰ সংবাদ মাধ্যমৰ পৰা ৰিজাল্ট আগতীয়াকৈ ভাইৰেল হৈছে বুলি মন্তব্য কৰি ডাঃ ৰণোজ পেগুৱে কয় যে এইবাৰো দৰ্পন পৰ্টেলৰ জৰিয়তে একাদশ শ্ৰেণীৰ নামভৰ্তি হব ।

অহা বছৰৰ পৰা সংবাদমাধ্য়মক আগতীয়াকৈ দিয়া নহ'ব ফলাফল: শিক্ষামন্ত্ৰী
অহা বছৰৰ পৰা সংবাদমাধ্য়মক আগতীয়াকৈ দিয়া নহ'ব ফলাফল: শিক্ষামন্ত্ৰী

গুৱাহাটী, 7 জুন: হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে ছেবাৰ সকলো বিষয়া–কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education minister Dr. Ranoj Pegu) । পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলকো তেওঁ শুভেচ্ছা জনায় । উত্তীৰ্ণ নোহোৱা সকলৰ একো শেষ হৈ যোৱা নাই বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে পুনৰ চেষ্টা কৰিব লাগিব ৷

তেওঁ লগতে এই বুলিও প্ৰকাশ কৰে যে যোৱাবাৰ আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত ফলাফল দিয়াৰ বাবে শতাংশৰ হাৰ বেছি হৈছিল । এইবাৰ উত্তীৰ্ণৰ হাৰ কমিছে । ৫৬.৯ শতাংশ ছ‍াত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ হাৰ এইবাৰ হ্ৰাস পোৱাটো অৱধাৰিত আছিল । ক'ভিডৰ প্ৰভাৱ পৰীক্ষাৰ ফলাফলত প্ৰকাশ পাইছে (This result reflects last year covid situation) ।

শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয় যে বহুতৰ মাজত এটা ভুল ধাৰণাই গা কৰি উঠিছে যে অহা বছৰৰ পৰা আৰু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহ'ব ৷ কিন্তু সেই ধাৰণা শুদ্ধ নহয় ৷ দশম শ্ৰেণীৰ পৰীক্ষা হৈয়ে থাকিব । প্ৰথম দহটা স্থানৰো ব্যৱস্থাটো থাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে হাইমাদ্ৰাছাৰ এইটোৱেই শেষ পৰীক্ষা আছিল । আনহাতে অহা বছৰৰ পৰা আগতীয়াকৈ সংবাদমাধ্যমক ফলাফল দিয়া নহ'ব বুলি মন্তব্য কৰি ডাঃ পেগুৱে কয় যে এইবাৰ সংবাদ মাধ্যমৰ পৰা ৰিজাল্ট ভাইৰেল হৈছে (HSLC result booklet will not to be served to media next year onwards) । আনহাতে এইবাৰো দৰ্পন পৰ্টেলৰ জৰিয়তে একাদশ শ্ৰেণীৰ নামভৰ্তি হব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আধিপত্যত চিন্তিত শিক্ষামন্ত্ৰী ৰণোজ পেগু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.