ETV Bharat / state

HS Final Special Exam Result: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা - ক'ভিড পৰিস্থিতিৰ বাবে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল

ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল (HS final year special exam result declared)। ৰাজ্যৰ চাৰিখন জিলাৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ । ফলাফলৰ তালিকাৰ অন্তিম স্থানত কামৰূপ মহানগৰ জিলা । মহানগৰৰ ১৩ গৰাকী পৰীক্ষাৰ্থীৰ মাত্ৰ এগৰাকী পৰাক্ষাৰ্থী উত্তীৰ্ণ ।কামৰূপ গ্ৰাম্যৰ সৰ্বাধিক সংখ্যক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত ।

HS final special exam result
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা
author img

By

Published : Dec 11, 2021, 3:37 PM IST

Updated : Dec 11, 2021, 8:03 PM IST

গুৱাহাটী,১১ ডিচেম্বৰ : উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হয় (HS final year special exam result declared) । ক'ভিড পৰিস্থিতিৰ বাবে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণাৰ পাছত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । ঘোষিত ফলাফল অনুসৰি ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে বঙাইগাঁও, যোৰহাট, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।

তাৰ বিপৰীতে কামৰূপ মহানগৰৰ ফলাফল প্ৰকাশিত তালিকাৰ সৰ্বনিম্ন স্থানত আছে । উত্তীৰ্ণ হাৰ কেৱল মাত্ৰ ৭.৬৯ শতাংশ । কামৰূপ মহানগৰৰ ১৩ গৰাকী পৰীক্ষাৰ্থীয়ে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰে ভিতৰত কেৱল মাত্ৰ এগৰাকী পৰাক্ষাৰ্থীহে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ।

উল্লেখ্য যে ক'ভিড মহামাৰীৰ বাবে এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল । বিশেষ মূল্যায়ন পদ্ধতিৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল । যি ফলাফলক লৈ বহু পৰাক্ষাৰ্থী সন্তুষ্ট নাছিল । সেয়ে চৰকাৰে ধৰি দিয়া বিকল্প পদ্ধতিৰে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

১০ অক্টোবৰৰ পৰা ১১ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা । সেই পৰীক্ষাৰেই ফলাফল ঘোষণা কৰা হয় । www.ahsec.assam.gov.in ৱেব ছাইটত উপলব্ধ হয় এই ফলাফল ।

মুঠ ১,৪১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এই বিশেষ পৰীক্ষাত । এই পৰীক্ষাত কামৰূপ গ্ৰাম্যৰ সৰ্বাধিক সংখ্যক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ১২৭ গৰাকী পৰীক্ষাৰ্থীৰ ১০১ গৰাকীয়ে সাফল্য লাভ কৰে এই পৰীক্ষাত ।

লগতে পঢ়ক :Smart City Project Guwahati : শীঘ্ৰে মহানগৰীত আৰম্ভ হ’ব স্মাৰ্ট চিটিৰ উন্নয়ন কাৰ্য

Last Updated : Dec 11, 2021, 8:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.