ETV Bharat / state

হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত কম্পমান মহাজোঁটঃ অগপৰ আজিজে আজমলক লগ কৰিলে কিয় ? - এ আই ইউ ডি এফৰ পূৰ্বৰ বিধায়ক আজিজ খান

অগপৰ প্ৰাৰ্থী তথা এ আই ইউ ডি এফৰ পূৰ্বৰ বিধায়ক আজিজ খানে বদৰুদ্দিন আজমলক সাক্ষাৎ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিৰ আৰু এক নতুন দিশ উন্মোচিত কৰিছে ।

হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত কম্পমান মহাজোঁটঃ অগপৰ আজিজে আজমলক লগ কৰিলে কিয় ?

author img

By

Published : Apr 10, 2021, 8:57 PM IST

Updated : Apr 10, 2021, 10:37 PM IST

গুৱাহাটী, ১০ এপ্ৰিল: বিজেপিয়ে নিৰ্বাচনী ফলাফলৰ পূৰ্বেই হ'ৰ্চ ট্ৰেডিঙত লিপ্ত হ'ব পাৰে বুলি আশংকা কৰি এ আই ইউ ডি এফৰ আটাইকেইগৰাকী প্ৰাৰ্থীক ইতিমধ্যে অসমৰ পৰা নি ৰাজস্থানৰ জয়পুৰৰ তাৰকাযুক্ত হোটেল 'ফেয়াৰম'ন্ট'ত দলীয় নেতৃত্বই আৱদ্ধ কৰি ৰখা ঘটনাই ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে । কেৱল এ আই ইউ‌ ডি এফেই নহয়, এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে মহাজোঁটৰ গুৰি ধৰা কংগ্ৰেছ দলেও ।

তথ্য অনুসৰি, ইতিমধ্যে সদ্যসমাপ্ত বিগত তিনিওটা পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সকলো কংগ্ৰেছ প্ৰাৰ্থীক গুৱাহাটীলৈ জৰুৰী তলৱ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । প্ৰাপ্ত খবৰ মতে, কংগ্ৰেছৰ এইসকল প্ৰাৰ্থীকো লৈ যোৱা হ'ব জয়পুৰলৈ । নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত মহাজোঁটৰ দুই দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ এই আটাইকেইগৰাকী প্ৰাৰ্থীকে জয়পুৰৰ হোটেল 'ফেয়াৰম'ন্ট'ত 'আৱদ্ধ' কৰি ৰখা হ'ব হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত ।

খবৰ অনুসৰি, জয়পুৰৰ উক্ত তাৰকাযুক্ত হোটেলৰ শতাধিক কোঠাত মহাজোঁটৰ সকলো প্ৰাৰ্থীৰে থকা খোৱাৰ ব্যৱস্থাৰ তদাৰক কৰিছে কংগ্ৰেছ দলৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে । ইপিনে যি সময়ত বিজেপিৰ আগ্ৰাসনৰ পৰা ৰক্ষা পাবলৈ মহাজোঁটে তেওঁলোকৰ প্ৰাৰ্থীসকলক নি জয়পুৰত আৱদ্ধ কৰি ৰাখিছে সেই সময়তে শুকুৰবাৰে অগপৰ প্ৰাৰ্থী তথা এ আই ইউ ডি এফৰ পূৰ্বৰ বিধায়ক আজিজ খানে বদৰুদ্দিন আজমলক সাক্ষাৎ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিৰ আৰু এক নতুন দিশ উন্মোচিত কৰিছে ।

লগতে পঢ়ক: শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

Last Updated : Apr 10, 2021, 10:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.