ETV Bharat / state

হৰ্ছ ট্ৰেডিঙৰ ভূতে খেদিছে কংগ্ৰেছ মহাজোঁটক

author img

By

Published : Apr 11, 2021, 7:34 PM IST

নিৰ্বাচনী মহাৰণ শেষ হ'ল ৷ আৰম্ভ হ'ল এতিয়া ৰাজ্যত ঘোঁৰা কিনাৰ ৰাজনীতি ৷ হৰ্ছ ট্ৰেডিঙক লৈ অধিক গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ অভিযোগ উঠিছে প্ৰাৰ্থী কিনিবলৈ ইতিমধ্যে জাল মেলি দিছে বিজেপিয়ে ৷ তাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ ভয়ত ত্ৰস্তমান কংগ্ৰেছ মহাজোঁট ৷ হৰ্ছ ট্ৰেডিঙৰ পৰা ৰক্ষা পাবলৈ শুকুৰবাৰে ৰাজস্থানলৈ প্ৰেৰণ কৰা হয় মহাজোঁটৰ 21গৰাকীকৈ প্ৰাৰ্থীক ৷

horse-trading-in-assam-politics
হৰ্ছ ট্ৰেডিঙৰ ভূতে খেদিছে কংগ্ৰেছ মহাজোঁটক

নিউজ ডেস্ক,11 এপ্ৰিল: নিৰ্বাচনী মহাৰণ শেষ হ'ল ৷ আৰম্ভ হ'ল এতিয়া ৰাজ্যত ঘোঁৰা কিনাৰ ৰাজনীতি ৷ হৰ্ছ ট্ৰেডিঙক লৈ অধিক গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ অভিযোগ উঠিছে প্ৰাৰ্থী কিনিবলৈ ইতিমধ্যে জাল মেলি দিছে বিজেপিয়ে ৷ তাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ ভয়ত ত্ৰস্তমান কংগ্ৰেছ মহাজোঁট ৷ হৰ্ছ ট্ৰেডিঙৰ পৰা ৰক্ষা পাবলৈ শুকুৰবাৰে ৰাজস্থানলৈ প্ৰেৰণ কৰা হয় মহাজোঁটৰ 21গৰাকীকৈ প্ৰাৰ্থীক ৷ ৰাজস্থানৰ ফেয়াৰ মণ্ট হোটেলত ৰখা হৈছে আটাইকেইগৰাকী প্ৰাৰ্থীক ৷ এই প্ৰাৰ্থীসকলক মোবাইল ফোন পৰ্যন্ত ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই ৷ ইয়াৰোপৰি দুই-এদিনতে জয়ৰ সম্ভাৱনা থকা আন আন প্ৰাৰ্থীসকলকো লৈ যোৱা হ'ব ৰাজস্থানলৈ ৷

ইপিনে ৰাজ্যজুৰি চৰ্চিত হৰ্ছ ট্ৰেডিং প্ৰসংগক নস্যাৎ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'লে কংগ্ৰেছ মহাজোঁট হতাশ হৈ এইদৰে কূট-কৌশল ৰচনা কৰিছে ৷ বিজেপি মিত্ৰজোঁটৰ অংশদাৰী দল অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাইও এইয়া কংগ্ৰেছ মহাজোঁটৰ নাটকৰ বাহিৰে আন একো নহয় বুলি মন্তব্য় কৰে ৷ তদুপৰি কংগ্ৰেছ মহাজোঁটবন্ধনৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী জাকিৰ হুচেইন শিকদাৰে ক'লে,মহাজোঁটবন্ধনৰ কোনো দল কিনা-বেচা ৰাজনীতি তথা বজাৰত নোসোমায় ৷ এইবাৰ ৰাজ্যত গঠন হ'ব মহাজোঁটৰ চৰকাৰ ৷ আনহাতে,বিজেপিৰ টিকট বঞ্চিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱে হৰ্ছ ট্ৰেডিঙ প্ৰসংগত মন্তব্য কৰি কয় যে, বিজেপিয়ে কিনা-বেচা নকৰে ৷ মহাজোঁটৰ প্ৰাৰ্থীহে পলায়ন কৰে ৷

কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থীক লৈ বৃদ্ধি পোৱা তৎপৰতাক লৈ ৰাইজৰ মনত এতিয়া নিশ্চিতভাৱে উদয় হৈছে প্ৰশ্নৰ ৷ সঁচাকৈয়ে হৰ্ছ ট্ৰেডিঙত নামি পৰিছে নেকি বিজেপি ? 100+ আসন পোৱা-নোপাৱোৰ দোমোজাত চিন্তিত নেকি বিজেপিৰ নেতৃত্ব ? কোনে দখল কৰিব শাসনৰ গাদী ? নে হৰ্ছ ট্ৰেডিঙৰ জৰিয়তেহে গঠন হ'ব পৰৱৰ্তী চৰকাৰ ৷এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব অহা 2মে'ত ৷

লগতে পঢ়ক: পিছদুৱাৰেদি চৰকাৰ গঠনৰ চেষ্টা বিজেপিৰ: অজিত ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.