ফাঁচী বজাৰ, 10 মাৰ্চঃ কৰ'ণাৰ আতংকত ৰাইজ আঁতৰি আছে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনৰ পৰা ৷ মহানগৰীৰতো পূৰ্বৰ তুলনাত ম্লান পাইছে ফাকুৱাৰ উচাহ ৷ ইয়াৰ মাজতো ফাঁচী বজাৰত দেখা নগ'ল এই বিজাণু সংক্ৰমণক লৈ কোনো শংকা ৷ ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত ফাঁচী বজাৰত অনুষ্ঠিত কৰা হয় হোলীৰ কাৰ্যসূচী ৷ য'ত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে ৷ ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰিল ফাঁচী বজাৰৰ আকাশ-বতাহ ৷ গীতৰ তালে তালে নৃত্য কৰিলে সকলোৱে ৷
ইজনে সিজনক ফাকুৱা লগাই জ্ঞাপন কৰিলে শুভেচ্ছা ৷ ফাকুৱাৰ ৰঙেৰে যাতে কৰ'ণা ভাইৰাছ বিয়পিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান নীতি নিয়ম বান্ধি দিয়ে প্ৰসাশনে ৷ সেই নীতি নিয়ম অনুসৰি প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীবাসীয়ে ফাকু উৎসৱ উদযাপন কৰিলে ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত ৷
লগতে পঢ়কঃ হোলীৰ আনন্দত আত্মহাৰা ৰাজ্যবাসী