ETV Bharat / state

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Aug 15, 2019, 4:16 PM IST

চাওঁ আহক 15 আগষ্টত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে:

ইতিহাসত আজিৰ দিনটো

ৰাজ্যিক

1985 চনৰ আজিৰ দিনটোতে সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হয় ।

1986 চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত আজিৰ অসমৰ প্ৰকাশ আৰম্ভ হয় । আজিৰ অসমৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ৰাধিকা মোহন ভাগৱতী ।

2004 চনৰ আজিৰ দিনটোতে ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটা শিশুকে ধৰি 13 জনৰ মৃত্যু হয় আৰু অৰ্ধ শতাধিক লোক আহত হয় ।

ৰাষ্ট্ৰীয়

1938 চনৰ এই দিনটোতে ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট প্ৰাণ কুমাৰ শৰ্মাৰ জন্ম হৈছিল । তেওঁ চাচা চৌধুৰী নামৰ জনপ্ৰিয় কমিক চৰিত্ৰটিৰ সৃষ্টিৰ বাবে পৰিচিত ৷

1947 চনৰ আজিৰ দিনটোতে ভাৰতে ব্ৰিটিছৰ পৰাধীনতাৰ পৰা স্বাধীনতা লাভ কৰে ৷

1950 চনৰ চনৰ আজিৰ দিনটোতে অসমত হোৱা প্ৰৱল ভূমিকম্পত 1,350 জন লোক মৃত্যুমুখত পৰে আৰু ৰাজ্যখনত বিস্তৰ ক্ষতি হয় ।

1965 চনৰ আজিৰ দিনটোতে ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হয় ।

1972 চনৰ আজিৰ দিনটোতে ভাৰতত ডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হয় । ডাক সূচাংক সংখ্যাই ভাৰতৰ এটা নিৰ্দিষ্ট অঞ্চলৰ এটা নিৰ্দিষ্ট ডাক ঘৰক বুজায় ৷ ভাৰতীয় ডাক ব্যৱস্থাত সূচাংক 6 টা সংখ্যা বিশিষ্ট হয় ৷

1982 চনৰ আজিৰ দিনটোতে ভাৰতত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হয় ।

আন্তঃৰাষ্ট্ৰীয়

1261 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে বাইজান্টিসকলৰ হাতত কনষ্টান্টিনোপলৰ পতন হয় আৰু অষ্টম মাইকেল বাইজান্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট হয় ।

1769 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হয় । নেপোলিয়নক ইতিহাসৰ সবাতোকৈ চৰ্চিত ৰাজনীতিজ্ঞ আৰু সেনাধ্যক্ষসকলৰ মাজত উল্লেখযোগ্য হিচাপে বিবেচনা কৰা হয় ৷

1914 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু এই দিনটোতে খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয় । পানামা খালে আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে ৷

Intro:Body:

HISTORY OF TODAY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.