ETV Bharat / state

ইতিহাসত আজিৰ দিনটো - History of

জানো আহক বিশ্বৰ ইতিহাসত 27 জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ সবিশেষ-:

ইতিহাসত আজিৰ দিনটো
author img

By

Published : Jul 27, 2019, 7:09 AM IST

ৰাজ্য

1939 চনৰ আজিৰ দিনটোতে বৰপেটাত চিত্ৰশিল্পী বেণু মিশ্ৰৰ জন্ম হৈছিল । তেওঁ অসমৰ আধুনিক চিত্ৰশিল্পৰ ক্ষেত্ৰখনত এক সুকীয়া ধাৰা সৃষ্টি কৰিছিল ৷ বেণু মিশ্ৰৰ প্ৰচেষ্টাতে 1976 চনত গুৱাহাটী আৰ্টিষ্ট গীল্ড প্ৰতিষ্ঠা হয় ৷

1941 চনৰ আজিৰ দিনটোতে শিৱসাগৰ জিলাৰ জাঁজীত কবি,প্ৰৱন্ধকাৰ আৰু সমালোচক ভবেন বৰুৱাৰ জন্ম হৈছিল। প্ৰতীকধৰ্মী আৰু নব্য-ৰমন্যাসবাদৰ দ্বাৰা অনুপ্ৰাণিত হোৱা অসমীয়া কবিসকলৰ ভিতৰত ভবেন বৰুৱা অন্যতম ৷ অসমীয়া সাহিত্য ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ কাৰণে 1978 চনত তেওঁক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয় ৷

২০০১ চনৰ আজিৰ দিনটোতে ঘনকান্ত বৰবায়ন আৰু গিৰীশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হয়।

2005 চনৰ আজিৰ দিনটোত নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইত হোৱা প্ৰলয়ংকাৰী বানত 450 জন লোকৰ মৃত্যু হয় ৷

ৰাষ্ট্ৰীয়

1889 চনৰ আজিৰ দিনটোত দাদাভাই নৌৰজীৰ উদ্যোগত লণ্ডনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰিটিছ ইণ্ডিয়াৰ শাখা প্ৰতিষ্ঠা হয় ৷

2001 চনৰ আজিৰ দিনটোতে কেন্দ্ৰৰ দ্বাৰা নাগা অস্ত্ৰ সম্বৰণ চুক্তিৰ ভৌগোলিক সম্প্ৰসাৰণ প্ৰত্যাহাৰ কৰা হয় ৷

2015 চনৰ আজিৰ দিনটোত মেঘালয়ৰ ৰাজধানী শ্বিলংত মিছাইল মেন খ্যাত তথা ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ মৃত্যু হয় ৷ ভাৰতৰ পৰমাণু পৰীক্ষণত আব্দুল কালামৰ অৱদান আছিল অপৰিসীম ৷

আন্তঃৰাষ্ট্ৰীয়

1996 চনৰ আজিৰ দিনটোত আমেৰিকাৰ জৰ্জিয়াৰ আটলান্টাত অলিম্পিক চলি থকাৰ মাজতেই মাজনিশা সংঘটিত এক বোমা বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে 110 জন লোক আহত হয় ৷

2002 চনৰ আজিৰ দিনটোতে ইউক্ৰেইনৰ লাবিবি চহৰত বাযুসেনাৰ এয়াৰ শ্ব' চলি থকা সময়তে এখন চুখয় চু-27 বিমান ভূপতিত হৈ প্ৰায় 85 জন লোক নিহত আৰু শতাধিক লোক আহত হয় ৷ এই দুৰ্ঘটনাটো বিশ্ব ইতিহাসত সৰ্ববৃহৎ এয়াৰ শ্ব' দুৰ্ঘটনা ৷

2004 চনৰ আজিৰ দিনটোত ইব'লা মহামাৰীৰ সম্প্ৰসাৰণত আতংকিত হৈ লিবিয়াই ৰাষ্ট্ৰখনৰ অধিকাংশ সীমা বন্ধ কৰি দিছিল ৷

2015 চনৰ আজিৰ দিনটোত গাড়ী নিৰ্মাতা কোম্পানী ফিয়েট ক্ৰাইষ্টলাৰে গাড়ীৰ পুনঃবিবেচনাৰ সংখ্যাৰ তুলনাত অভিলেখ সংখ্যাক 105 মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাত ভাৰতীয় মূল্যৰ হিচাপত 7,23,18,75,000 টকাৰ জৰিমণা দিয়ে ৷

Intro:Body:

history of 27th july

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.