নিউজ ডেস্ক, 4 জুলাই:
"এতিয়া বসন্ত কাল
ফুলতকৈ কাঁইটেই ভাল
এই বুলি কৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল ।
কাইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল ।
এতিয়া বসন্ত কাল
ফুলতকৈ কাঁইটেই ভাল..."
শব্দৰ সোপানত যি গুজে ৰৌদ্ৰ কামনা । হাজাৰ কবিতা, আছে অযুত পংক্তি আৰু অগনন সপোন । তেঁও হ'ল ৰ'দালিৰ কবি হীৰেণ ভট্টাচাৰ্য । সুগন্ধি পখিলাৰ কবিবিহীন ১০ টা বসন্ত । মৃত্যুক শিল্পৰ আকাৰ দি জীৱনৰ কঠিন শিলত আঁকিব খোজা কবি হীৰেণ ভট্টাচাৰ্যৰ আজি মৃত্যু দিৱস(Hiren Bhattacharya death anniversary) । ২০১২ চনৰ আজিৰ দিনটোতে জীৱন নাটৰ যৱনিকা পৰিছিল অসমীয়াৰ প্ৰিয় কবিগৰাকীৰ । আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত হীৰুদা । ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাট জিলাত জন্মগ্ৰহণ কৰিছিল হীৰুদাই ।
হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতাৰ প্ৰকাশ হয় ১৯৫৭ চনত ৷ ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন 'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা' প্ৰকাশ হয় ৷ তেখেতৰ নিৰ্বাচিত কবিতা সংকলন সুগন্ধি পখিলা 1981 চনত আৰু সংগৃহিত কবিতা পুথি শস্যৰ পথাৰ মানুহ 1991 চনত প্ৰকাশ পায় ৷ 'বিভিন্ন দিনৰ কবিতা', 'কবিতাৰ ৰ'দ', 'তোমাৰ গান , 'মোৰ প্ৰিয় বৰ্ণমালা', 'ভালপোৱাৰ বোকা মাটি' আদি তেখেতৰ অনন্য সৃষ্টি ৷ ইয়াৰ বাহিৰেও তেওঁ শিশুৰ বাবে 1991 চনত 'ল'ৰা ধেমালি' আৰু 'অকণ ধেমালি' প্ৰকাশ কৰে ৷ 'চিত্ৰবন', 'মনন' আৰু 'আন্তৰিক' নামে তিনিখন আলোচনীও সম্পাদনা কৰিছিল হীৰেন ভট্টাচাৰ্যই ৷
হিৰুদাৰ মতে কবিতাবোৰ হ'ব লাগে জীৱনৰ লগত সম্পৰ্কিত । তেনেই সাধাৰণ শব্দৰ ব্যৱহাৰ কৰি লিখা হিৰুদাৰ কবিতাবোৰ আছিল ভাৱত তত্বগধূৰ কিন্তু সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল । তাৰে উদাহৰণ তেওঁৰ এই কবিতাৰ শাৰীবোৰ-
"মোৰ কলঙ কপিলীৰ কোনোবাখিনিত
ভালপোৱাৰ বোকা-মাটিৰ শিতানে পথানে
হেন্দোলি উঠিছে ধান।
তোমাৰ পদুমী হাতেৰে ধানবোৰ দাই আনা
কাঁটলফুটা ৰ’দে টলবল কৰক তোমাৰ চিকুণ কজলা মুখ।
ধান আনা, ধান বানা, ভৰিৰ চাবত গুমগুমাই থাকক চৌদিশ।"
প্ৰতি প্ৰভাতত আওৰোৱা কবিতাৰেই আজি ৰাজ্যবাসীয়ে সুঁৱৰিছে প্ৰিয় কবিগৰাকীক ।
খেয়ালি মনৰ, কোনো বাধ্যবাধকতাই বান্ধি ৰাখিব নোৱাৰা আপোনভোলা এইগৰাকী সুগন্ধী পখিলাৰ কবিৰ মৃত্যুবাৰ্ষিকীত ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালোঁ শ্ৰদ্ধাঞ্জলি ।
লগতে পঢ়ক: নিৰ্লজ্জ ! ধৰ্ষণ আৰু অপহৰণৰ গোচৰ নিষ্পত্তি কৰিবলৈ ধন দাবী নগাঁও আৰক্ষীৰ