ETV Bharat / state

কা আন্দোলনত নিহতসকলৰ ক্ষেত্ৰত তদন্ত সম্পূৰ্ণ নকৰাটো অক্ষমণীয় ক্ৰুটি আখ্যা হীৰেন গোঁহাইৰ - Intellectual Hiren Gohain

কা আন্দোলনৰ প্ৰসংগত পুনৰ সংবাদমেল সম্বোধন কৰিলে বুদ্ধিজীৱী ড৹ হীৰেন গোঁহায়ে ৷ কা আন্দোলনত আৰক্ষীৰ গুলীত নিহতসকলে এতিয়া ক্ষতিপূৰণ নোপোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড৹ গোঁহায়ে ৷

Intellectual Hiren Gohain
বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইৰ সংবাদমেল
author img

By

Published : Aug 16, 2022, 7:02 PM IST

গুৱাহাটী, ১৬ আগষ্ট: ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত আজিও নহ’ল তদন্ত (Death in anti CAA protest) ৷ এই প্ৰসংগত মন্তব্য প্ৰকাশ কৰিছে বুদ্ধিজীৱি ড৹ হীৰেণ গোঁহায়ে (Intellectual Hiren Gohain)। মঙলবাৰে সংবাদমেল সম্বোধন কৰি বুদ্ধিজীৱিগৰাকীয়ে কয় যে কা আন্দোলনত ছেম ষ্টেফৰ্ড, আব্দুল আলিম, দীপাঞ্জল দাস, ইশ্বৰ নায়ক, দ্বীজেন্দ্ৰ পাংগিং শ্বহীদ হৈছিল । আন্দোলন দমনত বিফল আৰক্ষীয়ে জিঘাংসা আৰু প্ৰতিশোধৰ ইচ্ছাৰে আন্দোলনত জড়িত নিৰ্দোষীক গুলীয়াই হত্যা কৰিছিল ।

বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইৰ সংবাদমেল

আন্দোলন এই 5 শ্বহীদৰ সন্দৰ্ভত ৰাজনৈতিক নেতা ৰিপুণ বৰাই ২০২০ চনত মানৱ অধিকাৰ গোচৰ দিছিল । এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে । তদুপৰি তদন্ত সম্পূৰ্ণ নহোৱালৈকে অন্তৱৰ্তীকালীন সাহায্য হিচাবে ১৮ বছৰ বয়সৰ ওপৰৰ খিনিক ৩ লাখ টকা আৰু ১৮ বছৰ বয়সৰ তলৰখিনিক ২ লাখ টকাকৈ সাহায্য দিয়াৰ বাবে নিৰ্দেশ দিছিলে ন্যায়ালয়ে (Compensation for CAA protest victims)। কিন্তু ক’ভিডৰ দোহাই দি চৰকাকে তিনি বছৰে তদন্তৰ প্ৰতিবেদন আয়োগক দাখিল কৰিব নোৱাৰাৰ লগতে অন্তৱৰ্তীকালীন সাহায্য প্ৰদান নকৰিলে বুলি মন্তব্য কৰে ড৹ গোঁহায়ে ।

তেওঁ লগতে কয় যে ক’ভিড পৰিস্থিতিৰ বাবে পলম হোৱা বুলি ধৰি ল’লেও এতিয়াও পলম হোৱাৰ যুক্তি নাই । কা আন্দোলনত আৰক্ষীৰ গুলীত নিহতসকলৰ ক্ষেত্ৰত শীঘ্ৰেই তদন্ত সমাপ্ত কৰিবলৈ দাবী জনাই ড৹ গোঁহাইয়ে ৷ লগতে তেখেতে উল্লেখ কৰিলে, পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিদিয়াৰ বাবেই দ্বীজেন্দ্ৰ পাংগিঙৰ ক্ষেত্ৰত আয়োগে নিৰ্দেশ দিব পৰা নাই ৷

লগতে পঢ়ক: জনতা ভৱনত মঙলবাৰৰ দুপৰীয়ালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.