গুৱাহাটী,9 মে: মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত শনিবাৰে এনডিএৰ প্ৰথমখন বৈঠকত ভাগ লৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, সৰ্বানন্দ সোণোৱালৰ বিগত পাঁচ বছৰীয়া শাসনকাল আছিল মূল্যবোধৰ ৰাজনীতিৰ কাৰ্যকাল । চন্দ্ৰত দাগ থাকিলেও সোণোৱালৰ বিগত পাঁচ বছৰীয়া চৰকাৰখনত কোনো দাগ নাই । সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল, এতিয়াও আমাৰ নেতা আৰু ভৱিষ্যতেও আমাৰ নেতা হৈ থাকিব বুলি উল্লেখ কৰে ড৹ শৰ্মাই ।
উল্লেখযোগ্য যে, বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছতে ড৹ শৰ্মাই শনিবাৰে এনডিএৰ এখন বৈঠকত ভাগ লয়, য’ত উপস্থিত থাকে এনডিএৰ অংশীদাৰ দল অগপ আৰু ইউ পি পি এলৰ নেতৃবৃন্দও । এই সভাতেই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰায় ১৫ মিনিটজুৰি প্ৰথমটো ভাষণ দিয়ে ড৹ শৰ্মাই ।
সোমবাৰে দিনৰ ১২ বজাত তেওঁৰ নেতৃত্বত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰাৰ পিছতে তেওঁৰ দায়িত্ব অধিক বৃদ্ধি পাব বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ বাবে তেওঁ মিত্ৰদল সমূহক ধন্যবাদ জ্ঞাপন কৰা দেখা যায় ।
লগতে পঢ়কঃ ৰাজ্যৰ ষষ্ঠদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড৹ হিমন্ত বিশ্ব শৰ্মা