নিউজ ডেস্ক, 9 মে’ : সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা ? কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী ? ইয়াকে লৈ তোলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতি ৷ বিগত 2 মে’ত ঘোষণা হৈছিল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ নিৰ্বাচনত চমকপ্ৰদ জয়লাভৰ পিছতো পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ ৷ নৱ নিৰ্বাচিত বিধায়ক সকলে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হৈছিল ৷ বিজেপি মিত্ৰজোঁটৰ অগপ আৰু ইউ পি পি এল দলেও বৈঠকৰ জৰিয়তে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বিষয়ে নিজ নিজ সিদ্ধান্ত লৈছিল ৷
পৰৱৰ্তী সময়ত 8 মে’ত দুয়োগৰাকী নেতাকে দিল্লীত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় নেতৃত্বই ৷ 8 মে’ৰ পুৱা চাৰ্টাৰ্ড বিমানৰ জৰিয়তে দিল্লীলৈ ৰাওনা হয় দুয়োগৰাকী নেতা ৷ দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত ধাৰাবাহিকভাৱে চলে ইখনৰ পিছত সিখন বৈঠক । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি নেতা বৈজয়ন্ত জয় পাণ্ডা, বি এল সন্তোস আৰু নৰেন্দ্ৰ সিং টোমৰে পৃথকে পৃথকে বৈঠকত মিলিত হয় সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৷
উল্লেখযোগ্য যে, এই বৈঠকতে যদিও চূড়ান্ত কৰা হৈছিল ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম কিন্তু এই নাম ৰাজহুৱা কৰা নাছিল গেৰুৱা দলটোৱে ৷ ইয়াৰ বিপৰীতে দেওবাৰে দিছপুৰৰ বিধায়িনী দলৰ বৈঠকতহে নাম চূড়ান্ত কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় নেতৃত্বই ৷ সেই অনুসৰি দেওবাৰে বিধানসভাৰ মজিয়াত অনুষ্ঠিত হয় বিধায়িনী দলৰ এই বৈঠক ৷ অৱশেষত সাত দিনজোৰা এই হাই ভল্টেজ ড্ৰামাৰ অন্তত ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে, ঘোষণা হ’ল ৰাজ্যৰ প্ৰাক্তন স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ সম্প্ৰতি সোমবাৰে ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব ৰাজ্যৰ প্ৰভাৱশালী নেতা তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়কঃ বিগত 24 ঘন্টাত ভাৰতত ক‘ভিডত মৃত্যু ৪০৯২ জনৰ