ETV Bharat / state

জন্মদিনত দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ 104 তম জন্মদিন উপলক্ষে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷ মহানগৰীত ধাৰাপুৰ আৰু আজাৰাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ আৰক্ষী বিভাগৰ পৰীক্ষাত হোৱা দুৰ্নীতিৰ চৰকাৰে উচিত বিচাৰ কৰিব আৰু মিত্ৰ দলৰ সৈতে মিলি আগন্তুক নিৰ্বাচনত 100 আসন লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Sep 25, 2020, 12:27 PM IST

কামৰূপ, 25 চেপ্তেম্বৰ : সমগ্ৰ দেশৰ লগতে মহানগৰীৰ আজাৰা আৰু ধাৰাপুৰতো পণ্ডিত দিনদয়াল উপাধ্যায়ৰ ১০৪ তম জন্মদিন উদযাপন ৷ ৰাণী মণ্ডলৰ অন্তৰ্গত ধাৰাপুৰৰ বুথ সভাপতি মনিমা কলিতা আৰু আজাৰাৰ বুথ সভাপতি ভৱানী বৰুৱাৰ ঘৰত মন্ত্ৰী জনে পতাকা উত্তোলন কৰি দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে ৷ মন্ত্ৰীগৰাকীৰ লগতে বিজেপি দলৰ স্থানীয় কৰ্মকৰ্তা সকলো এই কাৰ্যসূচীত উপস্থিত থাকে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ 104 তম জন্মদিন উদযাপন

অলপতে আৰক্ষী বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু এইয়া তেওঁৰ বিভাগ নহয় সেয়ে তেওঁ বিষয়টোৰ সৈতে বেছি জড়িত হোৱা নাই ৷ কিন্তু চৰকাৰে যিহেতু বিষয়টো গুৰুত্ব সহকাৰে লৈছে সেয়ে দোষীয়ে শাস্তি পাবই বুলি মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমাগত 2021 ৰ বিধান সভা নিৰ্বাচনত মিত্ৰজোঁটৰ সৈতে মিলি বিজেপিয়ে 100 খন আসনৰ লক্ষ্য স্থিৰ কৰি লৈছে ৷

লগতে পঢ়ক:ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.