গুৱাহাটী,2 মাৰ্চ: কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনত চামিল হৈ বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ নেতৃত্বতে আগন্তুক চৰকাৰ গঠন কৰিব বুলি দাবী কৰাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইজনৰ পাচত সিজন ৰাজনৈতিক নেতাই ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে বিপিএফৰ অৱস্থা এতিয়া দাঁত নোহোৱা সিংহৰ দৰে বুলি কটাক্ষ কৰাৰ পাচতে মঙলবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত হাগ্ৰামাক কটাক্ষ কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ এক সংবাদমেল সম্বোধন কৰি সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয়, হাগ্ৰামা মহিলাৰী বিধানসভা নিৰ্বাচনৰ পাছতে নিঃশেষ হ'ব ৷ হাগ্ৰামা যিটো দললৈ যায় সেইটোৰে পতন হয় ৷
আনহাতে, BTRৰ ১২খন আসনৰ ভিতৰত ১২খনতে বিজেপিৰ মিত্ৰজোঁটৰ পাৰ্থী জয়ী হৈ অহাৰ বাবে ৰণনীতি চলাই থকা সন্দৰ্ভত দৈমাৰীয়ে কয়, "অত' দিনে হাগ্ৰামাই বড়োসকলক প্ৰতাৰণা কৰি আহিছে ৷ গতিকে হাগ্ৰামাৰ লগত থাকিলে কংগ্ৰেছে গ'ল খাব৷ হিমন্ত বিশ্ব শৰ্মাই আঙুলিত ধৰি হাগ্ৰামাক ৰাজনীতি শিকাইছিল । সেয়েহে বিজেপিৰ সমালোচনাৰ পৰা বিৰত থাকক আৰু নিজৰ কামত গুৰুত্ব দিয়ক হাগ্ৰামাই ৷ হাগ্ৰামা আমাৰ বাবে কোনো ফেক্টৰ নহয়। চৰকাৰক গালি দিলে এনেও ৰাইজে ভোট নিদিয়ে । আমাৰ মানুহ বহুত আছে, নতুন মানুহ আনি বজাৰ পতাৰ পক্ষত নাই বিজেপি ৷"