ETV Bharat / state

আৰক্ষীৰ জালত পৰিব নেকি পৰিবহন বিভাগৰ কাৰ্যালয়ৰ দালাল ? - মোটা অংকৰ ধন আদায়

শেহতীয়াকৈ বহু কেইজন মাটিৰ দালাল ৰঙাঘৰৰ আলহী হোৱাৰ পাচত এইবাৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ দালালৰ তালিকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰিছে । ইমান দিনে পৰিবহন বিভাগৰ কাৰ্যালয়ত দালালৰাজ চলাই অহা বহু লোকৰ শীঘ্ৰেই সলনি হ'ব ঠিকনা । ৩৮২ জন দালালৰ নাম আছে এই তালিকাত ।

Himanta Biswa Sarma
শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব ৩৮২ জন দালাল
author img

By

Published : Sep 27, 2021, 8:14 PM IST

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : ৰাজ্যৰ প্ৰতিটো বিভাগৰ কাৰ্যালয়ৰ পৰা যেন দালালৰাজ নোহোৱা কৰিবলৈ বদ্ধপৰিকৰ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শেহতীয়াকৈ দালালৰ বিৰুদ্ধে চাফাই অভিযান চলাইছে প্ৰশাসনে । মাত্ৰ কেইটামান দিনৰ ভিতৰতে ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীৰ জালত পৰিছে বহু মাটিৰ দালাল । এনে দালালৰ সম্পত্তি দেখি তবধ মানিছিল প্ৰশাসনৰ বিষয়াই, ৰাজ্যবাসীয়ে ।

যোৱা কেইদিন মানত সাধাৰণ কাম এটাৰ বাবে ৰাইজৰ পৰা মোটা অংকৰ ধন আদায় কৰা বহু দালালৰ নাকী লাগিল । এইবাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত দালালৰাজ চলোৱা একাংশ লোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ কথা সকীয়াই দিছে । কেৱল এমাহত জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত ৫৩ হাজাৰ লোকে লাইচেন্স আৰু লাৰ্ণাৰৰ বাবে অনলাইনযোগে পঞ্জীয়ন কৰিছে । ইয়াৰ জৰিয়তে ৰাজহ বৃদ্ধি হৈছে ।

মধ্যভোগীৰ বাবে এই সকল লোক ওলাই অহা নাছিল । সোমবাৰে, মহানগৰীৰ খানাপাৰা ষ্টাফ কলেজত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত দালালৰাজ চলোৱা ৩৮২ জন দালালৰ এখন তালিকা তেওঁৰ হাতত পৰিছে । যি কেইজনৰ নাম এই তালিকাত আছে তেওঁলোক বহু সম্পত্তিৰ গৰাকী ।

কোনোবা এদিন এই দালালকেইজনো ৰঙাঘৰৰ আলহী হ'ব লাগিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিয়ে । লগতে তেওঁ কয় যে, ট্রেড লাইচেন্সৰ ক্ষেত্ৰত এজন লোকে ৩০ হাজাৰ টকা দিব লাগে । কিন্তু চৰকাৰে লাভ কৰে মাথোঁ এক হাজাৰ টকা ।

তেওঁ কয় যে, ইয়াৰ দ্বাৰা চৰকাৰৰ লোকচান হৈছে, কেৱল লাভ হৈছে দালাল আৰু মধ্যভোগীৰ । অতি সোনকালে ট্ৰেড লাইচেন্সৰ সকলো কাম অনলাইনযোগে কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে । এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ দালালক আৰক্ষীয়ে নাকী লগাব পাৰে নে নোৱাৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:অখিল গগৈ প্ৰাইভেট লিমিটেডত পৰিণত হৈছে নেকি ৰাইজৰ দল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.