ETV Bharat / state

Lok sova Election 2024: অসমৰ ৰাইজে ৰাজনৈতিক দলৰ পৰা বলিদান নিবিচাৰে: মুখ্যমন্ত্ৰী - Lok sova Election 2024

২০২৪ ৰ নিৰ্বাচনক লৈ আৰম্ভ হৈছে কথাৰ কটাকটি । এইবাৰ বিৰোধী ঐক্য় মঞ্চক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিৰোধী ঐক্যমঞ্চৰ ১৩ টা বিৰোধী ৰাজনৈতিক দলে বিজেপিক প্ৰতিৰোধ কৰিবলৈ বলিদান অৰ্থাৎ আত্মবলিদান কৰাৰ সিদ্ধান্তক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Himanta Biswa Sarma slams opposition unity forum
বিৰোধী ঐক্য় মঞ্চক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 5:23 PM IST

বিৰোধী ঐক্য় মঞ্চক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,‌২৭ অক্টোবৰ: ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে শাসক-বিৰোধী সকলোৱে । সমানে বৃদ্ধি পাইছে বাকযুদ্ধ । এইবাৰ বিৰোধী ঐক্যমঞ্চৰ বিৰুদ্ধে সৰৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিৰোধী ঐক্যমঞ্চৰ ১৩ টা বিৰোধী ৰাজনৈতিক দলে বিজেপিক প্ৰতিৰোধ কৰিবলৈ বলিদান অৰ্থাৎ আত্মবলিদান কৰাৰ সিদ্ধান্তক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে অসমৰ ৰাইজে ৰাজনৈতিক দলৰ পৰা বলিদান নিবিচাৰে । অসমৰ ৰাইজে কেৱল কাম আৰু উন্নয়ন বিচাৰে । বলিদান এক ব্যক্তিগত বিষয় বুলি‌ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । উল্লেখযোগ্য যে, যোৱা বৃহস্পতিবাৰে লোকসভা নিৰ্বাচন সম্পৰ্কত বিৰোধী ঐক্যমঞ্চৰ ১৩ টা বিৰোধী ৰাজনৈতিক দলে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত‌ মিলিত হৈছিল ।

এই বৈঠকতে ৰাইজৰ দলে লোকসভা নিৰ্বাচনত প্রার্থিত্ব নিবিচৰাৰ প্ৰস্তাৱ দাখিল কৰিছিল । আন আন দলসমূহেও বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলে৷ ত্যাগ কৰিব বুলি ঐক্যমত পোষণ কৰিছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি মিত্ৰজোঁটে লোকসভাত চাৰে এঘাৰখন আসন লাভ কৰিব ।‌ বাকী আঢ়ৈখন আসন বিৰোধীয়ে ভগাই লওক । তাত বিৰোধীৰ ঐক্য থাকে বা অনৈক্য থাকে তাত ক'বলগীয়া নাই ।

ইয়াৰোপৰি কংগ্ৰেছ আৰু AIUDF ৰ‌ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ভাই-ককাই । ককায়েক ভায়েকৰ কাজিয়াত আমি নোসোমাও । আজি কাজিয়া লাগিব ‌আৰু‌ কাইলৈ আকৌ লগ‌ হ'ব । কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সম্পৰ্কৰ ক্ষেত্ৰত কোনো গেৰান্টি নাই বুলি তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Hagrama Mohilary and Badruddin Ajmal : হাগ্ৰামা-আজমলৰ নিৰ্লজ্জ আচৰণে দিছে কিহৰ ইংগিত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.