ETV Bharat / state

পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

পিতা-পুত্ৰীৰ পবিত্ৰ সম্পৰ্কক বিৰ্তকিত ৰূপত উপস্থাপন কৰি বাতৰি পৰিৱেশন কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ নিকৃষ্ট মানসিকতাৰ লোকে এনে কৰিব পাৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷

himanta-biswa-sarma-reaction-on-news-case
পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Feb 17, 2021, 8:32 PM IST

গুৱাহাটী, 17 ফেব্ৰুৱাৰী : ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো বিকৃত ৰূপত উপস্থাপন কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে "প্ৰতিবিম্ব লাইভ" নামৰ এটা ৱেব পৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ পাঁচ গৰাকী সাংবাদিক ।

পিতা-পুত্ৰীৰ পবিত্ৰ সম্পৰ্কক বিৰ্তকিত ৰূপত উপস্থাপন কৰি বাতৰি পৰিৱেশন কৰা ঘটনাক হিমন্ত বিশ্ব শৰ্মাই দুখ প্ৰকাশ কৰি কয় যে, নিকৃষ্ট মানসিকতাৰ সাংবাদিকেহে এনেকুৱা কাম কৰিব পাৰে ৷ কোনো প্ৰকাৰে আক্ৰমণ কৰিব নোৱাৰি এতিয়া মোৰ ছোৱালীজনীকো টানি আনিছে । ৰাজনৈতিক ষড়যন্ত্ৰও যদি কৰিছে সেয়া অতি নিকৃষ্ট কায়দাৰে কৰিবলৈ যত্ন কৰিছে । বাতৰিটো প্ৰত্যক্ষ কৰাৰ পিচত আমি নিশাটো শুব পৰা নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, মন্ত্ৰী আৰু তেওঁৰ কন্যাৰ আলোকচিত্ৰক বিতৰ্কিত আৰু অশালীন ৰূপত উপস্থাপন কৰাক লৈ মন্ত্ৰী গৰাকীৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে IPC 509,R/W sec 14/21 POCSO Act ৰ অধীনত গোচৰ নং 612/2021 ত পঞ্জীয়ন কৰিছে । গোচৰৰ ভিত্তিতে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে প’ৰ্টেলটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : মাৰ্ঘেৰিটাত উপস্থিত অসম বচাও আহক দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.