ETV Bharat / state

ইনাৰ লাইন পাৰ্মিটে উন্নয়নত বাধা দিব অসমকঃ হিমন্ত বিশ্ব শৰ্মা - আৰ পি শৰ্মা

দেওবাৰে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাই উন্নয়নত বাধা দিয়াৰ লগতে অসমৰ বিধান সভা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়াই মন্ত্ৰী গৰাকীয়ে ৷

ইনাৰ লাইন পাৰ্মিট
ইনাৰ লাইন পাৰ্মিটে উন্নয়নত বাধা দিব অসমকঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Mar 1, 2020, 6:15 PM IST

গুৱাহাটী, 1 মাৰ্চঃ ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাই উন্নয়নত বাধা দিয়াৰ লগতে অসমক বাণিজ্যিক দিশত বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

৬নং দফাৰ উচ্চস্তৰীয় কমিটিয়েও প্ৰতিবেদনত এনে কোনো প্ৰস্তাৱ দিয়া নাই বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে । আনহাতে, প্ৰাক্তন বিজেপি নেতা আৰ পি শৰ্মাৰ কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷ আৰ পি শৰ্মাক কটাক্ষ কৰি মন্ত্ৰী হিমন্তই কয়, কংগ্ৰেছলৈ যোৱাৰ পৰিকল্পনা ৰচা নেতাক বিজেপিয়ে একাষৰীয়া কৰি থয় । এয়া এক বিজেপিৰ আঁচনি ।

ইনাৰ লাইন পাৰ্মিটে উন্নয়নত বাধা দিব অসমকঃ হিমন্ত বিশ্ব শৰ্মা

তাৰোপৰি ছ'চিয়েল মিডিয়াকে ধৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা অসমৰ বিধান সভা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা সন্দৰ্ভটো মত প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী গৰাকীয়ে কয়, কেৱল ৰাষ্ট্ৰপতিয়ে এইক্ষেত্ৰত এক অধিসূচনা দিছে । ইয়াৰ পিছত কেইবাটাও প্ৰক্ৰিয়া আছে । যাৰ বাবে এতিয়া এনেদৰে বিতৰ্ক কৰোটো উচিত নহয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত অসম চৰকাৰে এক বৃহৎ প্ৰকল্প প্ৰস্তুতৰ বাবে আগবাঢ়িছে বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

আৰু পঢ়কঃ গেৰুৱা বস্ত্ৰ ত্যাগ কৰি কংগ্ৰেছলৈ আৰ পি শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.