ETV Bharat / state

কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ 6 হাজাৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগক বিনা বন্ধকত লোণ প্ৰদান কৰা হ'ব । অসমৰ প্ৰায় 66 হাজাৰ ক্ষুদ্ৰ উদ্যোগক ঋণ প্ৰদান কৰা হ'ব বুলি জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যিসমূহ প্ৰকল্পৰ কাম লক ডাউনৰ বাবে বন্ধ হৈ আছিল তেওঁলোকৰ কাম শেষ কৰাৰ সময়সীমা 6 মাহলৈ বৃদ্ধি কৰা হৈছে ।

Himanta Biswa Sarma press meet on Economic condition
কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : May 19, 2020, 10:59 AM IST

কামৰূপ,19 মেঃ সোমবাৰে এক সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ জন ধন একাউন্টত থকা মহিলাৰ একাউন্টত প্ৰতি মাহে 500 টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰা হয় । ইয়াৰ উপৰিও উজ্বলা চিলিণ্ডাৰ লাভ কৰা হিতাধিকাৰীক প্ৰদান কৰা হ'ব তিনিটাকৈ বিনামূলীয়া চিলিণ্ডাৰ ।

অসমৰ 6 হাজাৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগক বিনা বন্ধকত লোণ প্ৰদান কৰা হ'ব । লগতে অসমৰ প্ৰায় 66 হাজাৰ ক্ষুদ্ৰ উদ্যোগক ঋণ প্ৰদান কৰা হ'ব বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যিসমূহ প্ৰকল্পৰ কাম লক ডাউনৰ বাবে বন্ধ হৈ আছিল তেওঁলোকৰ কাম শেষ কৰাৰ সময়সীমা 6 মাহলৈ বৃদ্ধি কৰা হৈছে । লগতে এমজিএনৰেগাৰ মজুৰিৰ ধন 182 টকাৰ পৰা 202 টকালৈ বৃদ্ধি কৰা হয় । অসমত প্ৰায় 16 লাখ লোকৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে আৰু এতিয়াৰ পৰা গাহৰি, কুকুৰা, হাঁহ ফাৰ্মৰ বাবেও কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ কথা ঘোষণা কৰা হয় সোমবাৰৰ এই সংবাদমেলত ।

আনহাতে, মুদ্ৰা লোণ লোৱা ব্যক্তিসকলৰ 2 শতাংশ ঋণ বহন কৰিব কেন্দ্ৰই । তিনিমাহৰ বাবে কৰ্মচাৰীয়ে দিব নালাগে EPFৰ ধন । 7 লাখ মহিলা পেঞ্চনাৰক অতিৰিক্তকৈ দিয়া হ'ব 1000 টকা ।

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ ওপৰত মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত এইপৰ্যন্ত 40 হাজাৰ লোকৰ কোভিড পৰীক্ষা কৰা হৈছে লগতে কোৱাৰেন্টাইনত ৰখা হৈছে প্ৰায় 48 হাজাৰ লোকক । সেয়েহে বহিঃৰাজ্যৰ পৰা অহা লোকসকল পাতলীয়াকৈ আহিলে ৰাজ্য চৰকাৰৰ সুবিধা হয় । কাৰণ কোৱাৰেন্টাইনৰ ব্যৱস্থা উপযুক্ত নহ'লে সামাজিক সংক্ৰমণৰ শংকা বৃদ্ধি পাব । এইক্ষেত্ৰত পৰ্যায়ক্ৰমে স্বাভাৱিক স্থিতি ঘূৰাই অনা হ'ব বুলি জানিব দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক- আৰক্ষীৰে তিনি ঘন্টাৰ শ্বাসৰুদ্ধকৰ গুলীয়াগুলিৰ অন্তত নিহত সঞ্জয় দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.