গুৱাহাটী, 17 নৱেম্বৰ : অসম ৰাইফলছৰ শ্বহীদ জোৱান সুমন স্বৰ্গিয়াৰীৰ পৰিয়ালক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদাণ কৰিলে 50 লাখ টকাৰ এককালীন সাহাৰ্য ৷ বুধবাৰে শ্বহীদ জোৱান সুমন স্বৰ্গিয়াৰীৰ বাক্সা জিলাৰ থেকেৰাকুছি কাঁহিবাৰী বাসগৃহত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ৷
উপস্থিত হোৱাৰ পাচতে শ্বহীদ গৰাকীৰ ফটোৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাচতে মুখ্যমন্ত্ৰী শৰ্মাই সুমন স্বৰ্গিয়াৰীৰ পৰিয়ালক সাক্ষাৎ কৰি বাৰ্তালাপ কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে ৷
শ্বহীদ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে শ্বহীদ গৰাকীৰ নিকটাত্মীয়ৰ হাতত 50 লাখ টকাৰ এককালীন সাহাৰ্যৰ চেক প্ৰদান কৰে ৷ উল্লেখ্য যে, 13 নৱেম্বৰত মণিপুৰৰ চাৰাচান্দপুৰ জিলাত সংঘটিত উগ্ৰপন্থীৰ এক অতৰ্কিত আক্ৰমণত শ্বহীদ বৰণ কৰিছিল সুমন স্বৰ্গিয়াৰীয়ে ৷
লগতে পঢ়ক: পুনৰবাৰ জামিন আবেদন নাকচ ৰৌণক আলি হাজৰিকাৰ
ইফালে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত থকা স্থানীয় লোকৰ অনুৰোধ ৰক্ষা কৰি গাঁওখনৰ সংযোগী পথটো নিৰ্মাণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ তদুপৰি উক্ত পথটো শ্বহীদ সুমন স্বৰ্গিয়াৰীৰ নামত নামাকৰণ কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিড়িম্বা বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰাৰো আশ্বাস প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী ইউজি ব্ৰহ্ম, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বিধায়ক ভূপেন বড়ো, লৰেন্স ইছলাৰী আৰু জিৰন বসুমতাৰীয়ে ৷
লগতে পঢ়ক: Reuse Of Plastic : লখিমী আত্মসহায়ক গোটে প্লাষ্টিকৰে প্ৰস্তুত কৰিছে ইটা