গুৱাহাটী, ৪ এপ্ৰিল: দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। ২৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত বলবৎ হৈ আছে নিৰ্বাচনী আচৰণ বিধি। কিন্তু ইয়াৰ মাজতে বিশেষভাৱে চৰ্চালৈ আহিছে এখন পত্ৰ ৷ এই পত্ৰখন কোনো সাধাৰণ পত্ৰ নহয় ৷ ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেশৰ নিৰ্বাচন আয়োগলৈ দিয়া পত্ৰ ৷ যিখন পত্ৰত বহু বিস্ফোৰক তথ্য উল্লেখ আছে আৰু উল্লেখিত তথ্যসমূহে কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ উল্লেখ্য যে,বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ প্ৰসংগত আপত্তিজনক মন্তব্য কৰাৰ বাবে কংগ্ৰেছে নিৰ্বাচন আয়োগক দিয়া অভিযোগৰ ভিত্তিত আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৷ সেই জাননীৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ যিখন পত্ৰক লৈ এতিয়া ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
পত্ৰখনত উল্লেখ কৰা মতে, এটা নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠন আৰু বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ গোপন সম্পৰ্ক আছে ৷ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা এই 8 পৃষ্ঠাৰ পত্ৰখনৰ পৃষ্ঠাই পৃষ্ঠাই আছে কেতবোৰ ভয়ংকৰ তথ্য ৷ এইখিনিতে প্ৰশ্ন হয় যে, নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত গৃহ বিভাগৰ দায়িত্বত নথকা এগৰাকী মন্ত্ৰীয়ে এই গোপনীয় তথ্যসমূহ কেনেদৰে লাভ কৰিলে ? এই সময়খিনিত যিহেতু আৰক্ষী বিভাগ নিৰ্বাচনী আয়োগৰ অধীনত আছে ৷ যদি মন্ত্ৰীগৰাকীয়ে এই তথ্য নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ পূৰ্বে লাভ কৰিছিল তেন্তে ইমান দিনে কিয় নিৰৱে আছিল ? ইতিমধ্যে এই বিষয়ত কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰি আয়োগৰ পৰা উত্তৰ বিচাৰিছে ৷
লক্ষণীয় বিষয় এইয়ে যে পত্ৰখনৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, কোকৰাঝাৰত অস্ত্ৰ-শস্ত্ৰ জব্দ হোৱাৰ কথা ৷ এই ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা ২ ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰক্ষীয়ে চৰাইবিল সীমান্ত আৰক্ষী চকীৰ অন্তৰ্গত নচৰাইবিল অঞ্চলত অস্ত্ৰ-শস্ত্ৰসহ আৰক্ষীয়ে জব্দ কৰিছিল এখন স্ক'ৰপিঅ' বাহন ৷ বাহনখনত থকা সোমঞ্জয় বসুমতাৰী ওৰফে বগলা, ৰবিনাথ নাৰ্জাৰী ওৰফে গনদা, ফুংকা বসুমতাৰী ওৰফে লংখু, মকটাং বসুমতাৰী ওৰফে মামো, মণিপাল মুছাহাৰী আৰু স্বমকৰ বসুমতাৰী নামৰ লোককেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াল লগতে জব্দ কৰিছিল ৫টা এ কে-৫৬ ৰাইফল,৮টা এ কে-৫৬ ৰাইফলৰ মেগজিন,৮টা চাইনিজ গ্ৰেনেডসহ বহু বিস্ফোৰক সামগ্ৰী ৷ ঘটনা সন্দৰ্ভত চৰাইবিল আৰক্ষী চকীত কৰ্মৰত মহেশ্বৰ বৰ্মনৰ এজাহাৰৰ ভিত্তিত গোসাঁইগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৩৫৩/৩০৭ আৰু সশস্ত্ৰ আইনৰ আৰ/ডব্লিউ ২৫(এ) ধাৰাৰ অধীনত ৫১/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছিল ৷ আনকি গোচৰটোৰ তদন্তত বহু কথা পোহৰলৈ আহিছিল ৷
পত্ৰখনত উল্লেখ আছে,এটা নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ বাবে অস্ত্ৰ-শস্ত্ৰসমূহ সৰবৰাহ কৰা হৈছিল ৷ ধৃত লোককেইজনে যমদুৱাৰ-চৰাইবিল অঞ্চলত শিবিৰ স্থাপন কৰি সশস্ত্ৰ কাৰ্যকলাপ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল ৷ লক্ষ্য আছিল বিধানসভা নিৰ্বাচনত কূটাঘাত সংঘটিত কৰি পৰিৱেশ ৰক্তাক্ত কৰা ৷ অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ হোৱা লোককেইজনে এটা ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল৷ যি দলৰ নেতৃত্বত আছে ২০০২ চনৰ পূৰ্বে সশস্ত্ৰ সংগঠনক নেতৃত্ব দিয়া ব্যক্তি ৷ এইক্ষেত্ৰত ইংগিত দিয়া হৈছে হাগ্ৰামা মহিলাৰীৰ ওপৰত ৷ তদুপৰি জব্দ হোৱা এ এছ-১৬ এ-৪১৬৫ নম্বৰৰ স্ক'ৰপিঅ' বাহনখনৰ গৰাকী গজেন্দ্ৰ দৈমাৰীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি,তেওঁ বিগত ১৭ বছৰ ধৰি বি পি এফ দলৰ টেঙাপাৰা কাৰ্যালয়ৰ কাৰ্যালয় সম্পাদক হিচাপে কৰ্মৰত হৈ আছে ৷ হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশতে বাহনখন গজেন্দ্ৰ দৈমাৰীয়ে সোমঞ্জয় বসুমতাৰীক দিছিল ৷ এই সন্দৰ্ভত বহু বিস্ফোৰক তথ্য লাভ কৰাৰ পাছত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকে ১০ ফেব্ৰুৱাৰীত আৰক্ষী সঞ্চালক প্ৰধানলৈ 'কেজিআৰ/ক্ৰাইম/এনআইএ/২০২১/১১৯১' নম্বৰৰ পত্র প্ৰেৰণ কৰি গোচৰটোৰ তদন্তৰ দায়িত্ব এন আই এ(নিয়া)ক হস্তান্তৰৰ বাবে অনুৰোধ জনায় ৷
একেই আৰ্জিৰে আইন-শৃংখলাৰ দায়িত্বত থকা আৰক্ষী মহাপৰিদৰ্শকে গৃহ বিভাগৰ আয়ুক্ত সচিবলৈ জি/১১/কেজিআৰ/৬৫/২০১৭/১৯৯ নম্বৰৰ পত্ৰখন প্ৰেৰণ কৰা হয় ৷ স্বাভাৱিকতেই ৰাজ্যখনৰ বাবে এইয়া এক ভয়ংকৰ কথা৷ ৰাজ্য অস্থিৰ কৰিবলৈ চলা এই ভয়ংকৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগক দিয়া পত্ৰখনৰ যোগেদি৷ কিন্তু সচেতন মহলৰ প্ৰশ্ন,আৰক্ষী আৰু গৃহ বিভাগৰ মাজত হোৱা অতি স্পৰ্শকাতৰ বিষয় এটাৰ গোপনীয় পত্ৰৰ কথা নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কিহৰ স্বাৰ্থত ৰাজহুৱা কৰিলে ? এই সময়ত তেওঁ এই তথ্য কাৰ পৰা লাভ কৰিলে ? নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ পূৰ্বে লাভ কৰিছিল যদি কিয় নিৰৱে আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ? নিৰ্বাচনৰ সময়ত ভয়-ভাবুকি প্ৰদানৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে ৰাখিছিল নেকি এই তথ্য ? নিৰ্বাচন চলি থকা সময়ত এনেদৰে আৰক্ষীৰ গোপন তথ্যক হাথিয়াৰ হিচাপে লৈ মন্ত্ৰীগৰাকীয়ে ভয়-ভাবুকি প্ৰদান কৰা কাৰ্যক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে বি পি এফৰ মিত্ৰদল কংগ্ৰেছে ৷ মন কৰিবলগীয়া কথা যে, হাগ্ৰামা মহিলাৰীক জে'ললৈ প্ৰেৰণ কৰা তথা 'নিয়া'ৰ যোগেদি তদন্ত কৰাৰ কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ কোৱাৰ পাছত কংগ্ৰেছ দলে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দিছিল ৷ এই সন্দৰ্ভত আয়োগে জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ প্ৰত্যুত্তৰত ২ এপ্ৰিলত মন্ত্ৰী শৰ্মাই আয়োগলৈ এই পত্ৰ প্ৰেৰণ কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত যিখন পত্ৰই এতিয়া পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৷