ETV Bharat / state

AHG allowance increased : গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি

author img

By

Published : Oct 19, 2022, 8:39 PM IST

ৰাজ্য চৰকাৰে গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা বৃদ্ধিৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ গৃহ বিভাগে (Home Department of Assam) বুধবাৰে জাৰি কৰা এইচ এম বি ১৫০/২০১৫/২৯৯ নং অধিসূচনা অনুসৰি আজিৰে পৰাই এই বৰ্ধিত ভাট্টা কাৰ্যকৰী হ’ব ।

AHG
AHG

গুৱাহাটী, ১৯ অক্টোবৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ গৃহ বিভাগে গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি কৰিছে (Assam Home Guard Jawan daily allowence increased) । উল্লেখ্য যে ৰাজ্যৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলে দৈনিক ভাট্টা বৃদ্ধিৰ বাবে দীর্ঘদিন ধৰি দাবী জনাই আহিছিল ।

ৰাজ্য চৰকাৰে এই দিশত সঁহাৰি জনাই গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা বৃদ্ধিৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে (Himanta Biswa Sarma declared increases of AHG allowance) । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ গৃহ বিভাগে (Home Department of Assam) বুধবাৰে জাৰি কৰা এইচ এম বি ১৫০/২০১৫/২৯৯ নং অধিসূচনা অনুসৰি আজিৰে পৰাই এই বৰ্ধিত ভাট্টা কাৰ্যকৰী হ’ব ।

ইয়াৰ পূৰ্বে প্ৰাথমিক প্রশিক্ষণ সমাপ্ত কৰা গৃহৰক্ষী বাহিনীৰ এগৰাকী জোৱানে দৈনিক ৩০০ টকা আৰু উন্নত প্রশিক্ষণ সমাপ্ত কৰা জোৱান এগৰাকীয়ে দৈনিক ৩১৫ টকাকৈ লাভ কৰি আহিছিল । ৰাজ্য চৰকাৰে আজি গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহৰক্ষী বাহিনীৰ প্রায় ২৪ হাজাৰগৰাকী জোৱান উপকৃত হোৱাৰ লগতে এনে এগৰাকী জোৱানৰ মাহিলি পাৰিতোষিক ২৩ হাজাৰ ১০ টকালৈ বৃদ্ধি পাব ।

AHG allowance increased : গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি
AHG allowance increased : গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি

এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সৰ্বাংগীণ কল্যাণৰ অৰ্থে নিৰন্তৰ প্ৰয়াস চলাই আহিছে । আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই ভাট্টা বৃদ্ধিয়ে গৃহৰক্ষী বাহিনীৰ জোৱানসকলক অধিক নিষ্ঠা আৰু উৎসর্গিত মনোভাবেৰে কৰ্মত ব্ৰতী হ’বলৈ উৎসাহ যোগাব বুলি তেওঁ আশা প্রকাশ কৰে ।

উল্লেখ্য, অসমৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলে বহু বছৰ ধৰি তেওঁলোকৰ বহুতো ন্যায্য প্ৰাপ্তিৰ বাবে মাত মাতি অহাৰ লগতে আন্দোলনৰ কাৰ্যসূচীও সময়ে সময়ে গ্ৰহণ কৰি আহিছে । গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ, এগৰাকী চৰকাৰী চাকৰিয়ালে লাভ কৰা বিভিন্ন চৰকাৰী সা-সুবিধা প্ৰদানকে আদি কৰি বিভিন্ন দাবীত এই জোৱানসকল দীৰ্ঘদিন ধৰি সৰৱ হৈ আহিছে ।

আনহাতে, মুখ্যমন্ত্ৰী হিচাবে কাৰ্যভাৰ গ্ৰহণৰ পিছত ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষী বাহিনীক সবল আৰু অধিক সক্ৰিয় কৰাৰ বাবে বিভিন্ন পদক্ষেপৰ কথা ঘোষণা কৰে । বিশেষকৈ অসম আৰক্ষীৰ লোকসকলৰ অভাৱ-অভিযোগসমূহ পূৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আগভাগ লোৱা পৰিলক্ষিত হৈছে ।

তাৰেই অংশ হিচাবে গৃহৰক্ষী বিহানীৰ জোৱানসকলেও তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী তথা সমস্যাসমূহ পূৰণৰ ক্ষেত্ৰত গৃহ বিভাগৰ দায়িত্বত তখা মুখ্যমন্ত্ৰীগৰাকীয়ে আগভাগ ল'ব বুলি আশা পালি আছিল । বৰ্তমান অসম চৰকাৰৰ গৃহৰক্ষী বাহিনীৰ দৈনিক ভাট্টা বৃদ্ধিৰ এই সিদ্ধান্তই এইসকল জোৱানক কিছু হ'লেও সকাহ দিব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক :Statue of Anil Bora: জন্মভূমিত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.