ETV Bharat / state

অসমত আৰম্ভ কৰা হ’ল ৰেপিড টেষ্ট : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Apr 23, 2020, 8:27 PM IST

ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্চৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰৰ পৰা পোনপ্ৰথমবাৰৰ বাবে অসমত আৰম্ভ হ’ল ৰেপিড টেষ্ট ৷ এই ৰেপিড টেষ্ট প্ৰক্ৰিয়াৰ আৰম্ভণিৰ দিনটোত স্পেনিছ গাৰ্ডেনত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি স্পেনিছ গাৰ্ডেনৰ ১৫ জন লোকক পৰীক্ষা কৰে আৰু ঋণাত্মক ফলাফল পোৱা বুলি ঘোষণা কৰে ৷

প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ কৰা হ’ল ৰেপিড টেষ্ট

গুৱাহাটী, 23 এপ্ৰিল : কৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্চৰ নিৰ্দেশমৰ্মে ৰাজ্যত আৰম্ভ হ’ল প্ৰথমবাৰৰ বাবে ৰেপিড টেষ্ট । গুৱাহাটী মহানগৰীৰ স্পেনিছ গাৰ্ডেনত কৰা হ’ল ১০০টা ৰেপিড টেষ্ট । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই ৰেপিড টেষ্ট প্ৰক্ৰিয়াৰ আৰম্ভণিৰ দিনটোতে স্পেনিছ গাৰ্ডেনত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকা । স্বাস্থ্য মন্ত্ৰীগৰাকীৰ উপস্থিতিত ১৫ জন লোকক পৰীক্ষা কৰি ফলাফল ঋণাত্মক পোৱা গৈছে বুলি তেওঁ সদৰী কৰে ৷

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে,এসপ্তাহৰ অন্তত ধুবুৰীৰ বিলাসীপাৰাৰ ক'ৰণাত আক্ৰান্ত ৰোগীজনৰ দেহত কোভিড-19ৰ স্থিতি ধৰা পৰিছে। পূৰ্বৰে পৰা কোৱাৰেণ্টাইনত থকা ৰোগীজনৰ দেহত ১৮ দিনৰ পিছত ধৰা পৰিছে কৰ’ণাৰ উপস্থিতি ৷

আনহাতে,চীনে জনোৱা অনুসৰি ১৪ দিনতে কৰ’ণাৰ উপস্থিতি ধৰা পৰাৰ কথাটো এতিয়া কিছু সলনি হৈছে বুলি জানিবলৈ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ যিসকল লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰিছে বা যিসকলে প্ৰত্যক্ষভাৱে সংস্পৰ্শত আছে তেওঁলোকক ২৮ দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হ’ব ৷

ইফালে স্পেনিছ গাৰ্ডেনৰ সকলো ফলাফল ঋণাত্মক পোৱাৰ পিছত ৪৮ ঘন্টাৰ ভিতৰত স্পেনিছ গাৰ্ডেন পুনৰ খুলি দিয়া হ’ব ৷ উল্লেখযোগ্য যে,২৫ এপ্ৰিলৰ পৰা ৰাজ্যৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰেপিড টেষ্টৰ আৰম্ভ কৰা হ’ব ৷ কোনো ৰোগীৰ ওপৰত যদি চিকিৎসকৰ সন্দেহ হয় সেয়া এই ৰেপিড টেষ্টৰ জৰিয়তে পৰীক্ষা কৰিব পৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে । লগতে আঠগাঁও কবৰস্থান মছজিদতো আগন্তুক দুই এদিনৰ ভিতৰতে ৰেপিড টেষ্ট কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : লক ডাউনঃ গৰাকী বিহীন পশুধনক খাদ্য় বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.