ETV Bharat / state

তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মাই - Himanta biswa sarma at GMCH guwahati assam etv bharat news

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পিছতে অসম চুক্তিৰ 6 নং দফাৰ কাৰ্যকৰী হোৱাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই ৷

Himanta biswa sarma at GMCH guwahati assam etv bharat news
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল
author img

By

Published : Sep 10, 2020, 6:25 PM IST

গুৱাহাটী,10 ছেপ্তেম্বৰ: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ 2021 ৰ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে লোকসভাত সংশোধন হ’ব লাগিব নীতি-নিয়ম ৷ 2001ৰ পৰিৱৰ্তে 2011 ৰ লোকপ্রিয়ল হ’ব লাগিব ইয়াৰ ভিত্তি বর্ষ ৷ বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ এই মন্তব্য আগবঢ়াই কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মাই

মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ বৃহস্পতিবাৰে উপস্থিত হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ মন্ত্ৰী শৰ্মাই পিপিই কিট পৰিধান কৰি বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ উল্লেখ্য যে,বিগত কেইবাদিনো ধৰি কৰ’ণাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ পিছত মন্ত্ৰী হিমন্তই বিশ্ব শৰ্মাই বৰ্তমান তৰুণ গগৈ সুস্থ হোৱা বুলি প্ৰকাশ কৰে ৷ লগতে পৰিয়ালৰ লোকৰ সৈতে কথাও পাতিছে নেতাগৰাকীয়ে ৷ অৱশ্যে শৰীৰত এতিয়াও প্ৰয়োজন অনুপাতে অক্সিজেনৰ অভাৱ হৈ আছে গগৈৰ ৷ সেয়ে এক কথাত তৰুণ গগৈ বৰ্তমানেও কৰ’ণা মুক্ত হোৱা নাই বুলি কব পাৰি ৷ পৰিয়ালৰ লোকে ইচ্ছা কৰিলে কৰ’ণা মুক্ত হোৱাৰ পিছত ঘৰলৈ নিব পাৰিব গগৈক বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই ৷

2021 ৰ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ

ইয়াৰ পিছতে অসম চুক্তিৰ 6 নং দফাৰ কাৰ্যকৰী হোৱাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীয়ে 6 নং দফা ৰূপায়ণৰ বাবে কেৱল প্ৰস্তুতিহে চলিছে বুলি মতপোষণ কৰে ৷

লগতে চাওকঃ শিলচৰত জব্দ অবৈধ চুপাৰি কঢ়িওৱা ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.