ETV Bharat / state

১ ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ স্কুল-কলেজ: ঘোষণা হিমন্তবিশ্ব শৰ্মাৰ

author img

By

Published : Aug 1, 2020, 5:21 PM IST

ৰাজ্য চৰকাৰে এনেধৰণৰ কেতবোৰ নীতি নিয়মৰ মাজেৰে ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ কথা ভাবিছে । শনিবাৰে শনিবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ।

হিমন্তবিশ্ব শৰ্মা
হিমন্তবিশ্ব শৰ্মা

গুৱাহাটী, ১ আগষ্টঃ প্ৰায় চাৰি মাহজুৰি বন্ধ হৈ থকাৰ পিছত অৱশেষত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ১ ছেপ্টেম্বৰৰ পৰা পুনৰ মুকলি কৰিবলৈ চিন্তাচৰ্চা কৰিছে ৰাজ্য চৰকাৰে । অৱশ্যে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত দিব কেন্দ্ৰীয় চৰকাৰেহে ৷ শনিবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত দুদিনকৈ আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত চাৰিদিনকৈ চলিব ৷ প্ৰতিটো শ্ৰেণীৰ পাঠদান চলিব তিনি ঘন্টাকৈ । গ্ৰামাঞ্চলত বিদ্যালয় গৃহৰ পৰিৱৰ্তে কোনো মুকলি ঠাই বা খেলপথাৰত চাৰিটা ভিন ভিন গোটত নৱম,দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান চলিব বুলিও তেওঁ মন্তব্য কৰে । একেদৰে মহাবিদ্যালয় সমূহত তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কেৱল চূড়ান্ত ষান্মাষিকৰ শিক্ষাৰ্থীৰ বাবে পাঠদান আৰম্ভ হ’ব । ৰাজ্য চৰকাৰে এনেধৰণৰ কেতবোৰ নীতি নিয়মৰ মাজেৰে ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ কথা ভাবিছে । এই বিষয়ে ৰাইজ-অভিভাৱকৰ পৰামৰ্শও ২০ আগষ্ট পৰ্যন্ত চৰকাৰে গ্ৰহণ কৰিব ৷

চৰকাৰী শিক্ষকে বাধ্যতামূলকভাবে নিজৰ নিজৰ ক'ভিড পৰীক্ষা কৰিব লাগিব

আনহাতে, ২৩ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত সকলো চৰকাৰী শিক্ষকে বাধ্যতামূলকভাৱে নিজৰ নিজৰ ক'ভিড পৰীক্ষা কৰিব লাগিব ৷ সংবাদমেলখনত তেওঁ আৰু কয় যে ইতিমধ্যে শিক্ষা বিভাগে ছেবা আৰু শিক্ষা সংসদক পাঠ্যক্ৰমসমূহ সংকুচিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ অসমত এতিয়াৰে পৰা শিক্ষাবৰ্ষ ১ এপ্ৰিলত আৰম্ভ হৈ ৩১ মাৰ্চত শেষ হ’ব ৷

নতুন শিক্ষা নীতি সম্পৰ্কে হিমন্ত

আনহাতে,কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন শিক্ষানীতি কাৰ্যকৰীকৰণৰ বাবে ব্লু প্ৰিন্ট ৰচনাৰ অৰ্থে শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত এখন চল্লিশজনীয়া সমিতি গঠন কৰি দিয়া হৈছে আৰু অহা সাত দিনৰ ভিতৰত এই সমিতিয়ে কাম আৰম্ভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে ৷ ৩১ ডিচেম্বৰৰ ভিতৰত এই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব ৷ নতুন শিক্ষা নীতিয়ে শৈক্ষিক ব্যৱস্থাটোক চাৰিটা ভাগত বিভক্ত কৰিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক কৰাৰ বাবে অসমৰ বহু নিবনুৱাই শিক্ষা বিভাগৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব ৷ কিয়নো অসমৰ প্ৰতিটো জনজাতীয় ভাষাতো ঠাই বিশেষে পাঠদানৰ ব্যৱস্থা কৰিব লাগিব ৷ নতুন শিক্ষা নীতিৰ ফলত মহাবিদ্যালয় সমূহৰ ওপৰত বিশ্ববিদ্যালয় সমূহৰ কোনো নিয়ন্ত্ৰন নাখাটিব ৷ সকলো মহাবিদ্যালয়েই হ’ব স্বায়ত্ব শাসিত ৷ সংবাদমেলখনত তেওঁ আৰু প্ৰকাশ কৰে যে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ’ব পৰাকৈ অহা ১৫ আগষ্টৰ পৰাই ৰাজ্যত পুনৰ প্ৰাদেশীকিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ ১৫ আগষ্টত প্ৰাদেশীকিকৰণৰ প্ৰথম সূচী প্ৰকাশ পাব । ইয়াত থাকিব ১৯৭ খন হাইস্কুল, ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১৪৯ খন কনিষ্ঠ মহাবিদ্যালয় ৷ নতুনকৈ প্ৰাদেশীকৃত কৰা হ’ব ৩০ খন মহাবিদ্যালয় । ৯৩১ গৰাকী কলেজ শিক্ষকৰ পদ প্ৰাদেশীকৃত কৰা হ’ব ৷ আনহাতে,ৰাজ্যৰ ১৬ খন মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা মুকলিৰো সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ সদৰী কৰে । ইয়াৰ বাবে নতুনকৈ ৩২০ টা পদ সৃষ্টি কৰা হৈছে ৷

বিভিন্ন পক্ষই তোলা অভিযোগ খণ্ডন হিমন্তৰ

ইপিনে, ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে আনলক-৩ৰ পৰিপ্ৰেক্ষিতত ১৫ আগষ্ট পৰ্যন্ত প্ৰতি সোম আৰু মঙলবাৰে আন্তঃজিলাৰ যাতায়ত খোলা থাকিব । শনি আৰু দেওবাৰে সান্ধ্যআইন অনুৰূপভাৱে বাহাল থাকিব ৷ পথৰ একাষে যি দোকান থাকে সকলো দোকানেই খুলিব পাৰিব । কাৰ্যালয় সমূহৰ কামকাজ এশ শতাংশ কৰ্মচাৰীৰে কৰিব পাৰিব ৷

ক'ভিডৰ নামত দুৰ্নীতি চলিছে বুলি বিভিন্ন পক্ষই তোলা অভিযোগ খণ্ডন কৰি তেওঁ কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগে কেতিয়াও "কোটি কোটি" টকাৰ চেনিটাইজাৰ কিনা নাই ৷ ৮৪ লাখ টকাৰ চেনিটাইজাৰ এই পৰ্যন্ত ক্ৰয় কৰা হৈছে,তাকো যথেষ্ট কম দামত । বিধানসভাত এই সকলো তথ্য দাঙি ধৰা হ’ব । ক'ভিড নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰৰ পৰা অসমে ১৬০ কোটি টকাহে লাভ কৰিছে । পি পি ই কীট অসমেই যথেষ্ট কম দামত কিনিছে বুলি তেওঁ দাবী কৰে । এই ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলকো তেওঁ সমালোচনা কৰি কয় যে এই মাহত অসমে প্ৰায় ছশ কোটি টকা জি এছ টি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ PMAYৰ গৃহ প্ৰদানৰ নামত গাঁঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.