ETV Bharat / state

বহিঃৰাজ্যৰ লোকে আহি অসমত প্লাজমা দান কৰিলে পাব ৰাজ্যিক অতিথিৰ মৰ্যাদা - হিমন্ত

অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বৃহস্পতিবাৰে সংবাদমেল আয়োজন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ব্য়ক্তব্য আগবঢ়াই ৷ ৰাজ্যত প্লাজমা থেৰাপীৰ বাবে দান কৰা লোকৰ সংখ্যা কম হোৱা বাবে অচিৰেই বহি ৰাজ্যৰ লোকৰ পৰা প্লাজমা বিচাৰিব বুলি উল্লেখ কৰে ৷

হিমন্ত
হিমন্ত
author img

By

Published : Jul 16, 2020, 11:20 PM IST

Updated : Jul 17, 2020, 10:26 AM IST

গুৱাহাটী, ১৬ জুলাই : ক'ভিড-19ৰ পৰা উদ্ধাৰ পোৱাৰ ক্ষেত্ৰত শেহতীয়াকৈ প্লাজমা থেৰাপীয়ে যোগাত্মক সহাৰি দিছে । ইতিমধ্যে ক'ভিড সংক্ৰমণৰ পৰা মুক্ত হৈ ঘৰলৈ ঘূৰি যোৱা অসমৰ কেইবাজনো লোকে স্বেচ্ছাই নিজৰ প্লাজমা দান কৰিছে আৰু অসমৰ স্বাস্থ্য বিভাগে ইতিমধ্যে এক প্লাজমা বেংকো স্থাপন কৰিছে । অসুস্থ হৈ থকা কোভিড ৰোগীক এই প্লাজমাৰে সুস্থ কৰি তুলিব পাৰি । এজন লোকে দান কৰা প্লাজমাৰে দুজন ক'ভিড ৰোগীক সুস্থ কৰি তুলিব পাৰি । বৃহস্পতিবাৰে দিছপুৰৰ এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । তেওঁ লগতে এই বুলিও কয় যে ক'ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকেহে যিহেতু প্লাজমা দান কৰিব পাৰে সেয়েহে কাইলৈৰ পৰা দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত প্লাজমা বিচাৰি অসম চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিব ।

ডঃ হিমন্তবিশ্ব শৰ্মাৰ সংবাদমেল

ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ লোকে যদি অসমলৈ আহি নিজৰ প্লাজমা দান কৰিব বিচাৰে তেন্তে তেওঁৰ বিমানত অহা,যোৱা,থকা সকলো ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ উপৰিও তেওঁক ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হ'ব । আনহাতে, অসমত ইতিমধ্যে কোভিডৰ পৰা সুস্থ হৈ উঠা লোকসকলকো বাকীসকলৰ জীৱন ৰক্ষা কৰিব পৰাকৈ স্বেচ্ছাই প্লাজমা দান কৰিবলৈ তেওঁ আহ্বান জনায় । উল্লেখযোগ্য যে কোভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ 28 দিনৰ পিছত যিকোনো লোকে প্লাজমা দান কৰিব পাৰে । প্লাজমা থেৰাপীৰ দ্বাৰা 90 শতাংশ লোক মৃত্যুমুখৰ পৰা ঘূৰি আহিব পাৰে বুলি তেওঁ কয় । অসমত যিসকলে প্লাজমা দান কৰিব তেওঁলোকে একোখন প্ৰমাণপত্ৰ লাভ কৰিব আৰু অনাগত দিনত সকলো চৰকাৰী আঁচনি বা নিযুক্তি আদিত অগ্ৰাধিকাৰ লাভ কৰিব বুলিও ডঃ শৰ্মাই ঘোষণা কৰে ।

আনহাতে, লকডাউন পৰ্যায়ক্ৰমে শিথিল হোৱাৰ পিছত সকলো দোকান পোহাৰ,ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ,কৰ্মচাৰী,চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান আদিৰ কৰ্মচাৰীৰ কোভিড পৰীক্ষা বাধ্যতামূলক হ’ব । ইপিনে গুৱাহাটীত কমেও তিনি লাখ লোকৰ স্বাব পৰীক্ষা কৰিব পাৰিলেহে চিন্তামুক্ত হ'ব পৰা যাব বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈকে গুৱাহাটীত 1 লাখ 10 হাজাৰ লোকৰ স্বাব পৰীক্ষা কৰা হৈছে । শীঘ্ৰে সমগ্র গুৱাহাটীত আৰু 60 টা স্ক্ৰিনিং চেন্টাৰ মুকলি কৰা হব বুলি তেওঁ ঘোষণা কৰে ।

ডঃ হিমন্তবিশ্ব শৰ্মাৰ সংবাদমেল

আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি ৰেপিড এন্টিজেন টেষ্ট আৰম্ভ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে গুৱাহাটীৰ নাৰ্চিং হোমসমূহৰ বাবেও কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে । সেই অনুসৰি সকলো নাৰ্চিং হোমে 15 দিনৰ ভিতৰত নিজাকৈ কোভিড পৰীক্ষাৰ মেছিনৰ ব্যৱস্থা কৰিব লাগিব । আনহাতে ৰাজ্যত 15 জুনৰ পৰা 15 জুলাইৰ ভিতৰত কোভিড ৰোগীৰ সংখ্যা একেকোবে 12,218 জন বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰে । এই মাহটোৰ ভিতৰতে ৰাজ্যত 6টা নতুন কোভিড পৰীক্ষাগাৰ স্থাপন কৰা হ'ব বুলিও তেওঁ কয় ।

লগতে পঢ়কঃ নাহৰকটীয়াত বজাৰ বন্ধ ৰখাৰ দাবীঃ গণ সংক্ৰমণৰ আশংকা

Last Updated : Jul 17, 2020, 10:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.