গুৱাহাটী, ১০ মে': মহামাৰী COVID-19 ক লৈ ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপাযুক্তৰ লগত বাৰ্তালাপ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত দেওবাৰে COVID-19 নিয়ন্ত্ৰণ কক্ষৰ পৰা জিলা উপায়ুক্ত সকলৰ সৈতে বাৰ্তালাপ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।
ভিডিঅ' কনফাৰেন্সত গাঁও সমূহত COVID-19ৰ পৰীক্ষা কি পৰ্যায়ত চলি আছে তাৰ ওপৰতো পৰ্যালোচনা কৰে । আনহাতে, দেওবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা ভিডিঅ' কনফাৰেন্সত ভাগ লয় প্ৰতিখন জিলাৰ উপায়ুক্তই ।