ETV Bharat / state

12 বিধ ৰোগৰ ক্ষেত্ৰত অটল অমৃতৰ পৰা কি সুবিধা পাব ?

author img

By

Published : Oct 23, 2019, 7:01 PM IST

এতিয়াৰে পৰা 12 বিধ ৰোগক সামৰি ল'ব অটল অমৃত অভিযানে ৷ জনতা ভৱনত সংবাদমেলযোগে এই মন্তব্য বিত্ত তথা স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এইমচৰ কাম প্ৰায় 25 শতাংশ সম্পূৰ্ণ হৈছে ৷ 2021 চনত ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে এইমচ ৷

হিমন্ত বিশ্বৰ সংবাদমেল

গুৱাহাটী, 23 অক্টোবৰঃ বুধবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলযোগে স্বাস্থ্যখণ্ডত ৰাজ্য চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা কেইটাবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ এতিয়াৰে পৰা 12 বিধ ৰোগক সামৰি ল'ব অটল অমৃত অভিযানে ৷ পূৰ্বৰ ছয়বিধ ৰোগৰ সমান্তৰালকৈ নতুনকৈ ছয়বিধ ৰোগক সামৰি ল'ব ৰাজ্য চৰকাৰৰ অটল অমৃত অভিযানে ৷ 1 নৱেম্বৰৰ পৰা কাৰ্যকাৰী হ'ব এই ব্যৱস্থা ৷ অটল অমৃত অভিযানৰ ক্ষেত্ৰত 140 কোটি ধন মোকলাই দিয়াৰ লগতে আঁচনিখনৰ জৰিয়তে 60 হাজাৰ লোকক সাহায্য প্ৰদান কৰা হৈছে বুলিও মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰে ভিতৰত 424 গৰাকী কৰ্কট ৰোগী, 20 হাজাৰ বৃক্কৰ ৰোগীয়ে সুবিধা লাভ কৰিছে ৷ আগন্তুক দিনবোৰত আই চি ইউ (ICU),দুৰ্ঘটনা,14 বছৰৰ তলৰ শিশুৰ যিকোনো গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ,জাপানীজ এনকেফেলাইটিছ,ব'নমেৰু পুনৰ সংৰোপণ,আদি ৰোগক সামৰি ল'ব অটল অমৃত অভিযানে ৷

Himanta Bishwa Sarma press meet at Janata Bhawan
হিমন্ত বিশ্বৰ সংবাদমেল

অটল অমৃতৰ অধীনত 41 খন বেচৰকাৰী হাস্পতাল সংযুক্ত হৈ আছে ৷ গুৱাহাটীৰ আটাইকেইখন বেচৰকাৰী হাস্পতাল সংযুক্ত হৈ আছে এই অভিযানৰ অধীনত ৷ নতুন ব্যৱস্থাৰ জৰিয়তে নগদ বিহীন সেৱা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা দ্বিগুণ হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে,জাপানীজ এনকেফেলাইটিছৰ সৈতে মুখামুখি হ'বলৈ ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ৷

জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ইপিনে,এইমছ সন্দৰ্ভত কয় যে,এইমছৰ কাম প্ৰায় 25 শতাংশ সম্পূৰ্ণ হৈছে ৷ 2021 চনত ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে এইমছ ৷ লগতে ৰাজ্যৰ 9 খন কেন্সাৰ হাস্পতালৰ কাম 10 শতাংশ আগবাঢ়িছে ৷ বাকী কেইখনৰ কাম 5 শতাংশ আগবাঢ়িছে ৷ লাৰচেন এণ্ড টাৰ্বোই চলাই গৈছে কেন্সাৰ হাস্পতালৰ নিৰ্মাণ কাৰ্য ৷

Intro:মহানগৰীৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল । ১২ প্ৰকাৰ ৰোগক এতিয়াৰে পৰা অন্তৰ্ভুক্ত হব অটল অমৃতৰ অধীনত। পূৰ্বে ৬ বিধ আছিল। নতুনকৈ আৰু ৬ বিধ অন্তৰ্ভুক্ত হল। সামগ্ৰিকভাৱে ১২ বিধ ৰোগ বাবে অটল অমৃতৰ সুধিধা পাব। ১ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী হব এই নতুন ব্যৱস্থা । এই অভিযানেবৰ্তমান ৰলৈকে 60 হাজাৰ লোকক সাহাৰ্য দিয়া হৈছে । 140 কোটি টকা এই পৰ্যন্ত অটল অমৃত অভিযানৰ অধীনত ধন মোকলাই দিয়া হৈছে বুলি মন্তব্য মন্ত্ৰী হিমন্তৰ ।
Body:• ১৪০ কোটি টকাৰ বেনিফিট পাইছে ৬০ হাজাৰ লোকে
• ২৭, ৪২৪ গৰাকী কেন্সাৰ ৰোগীয়ে সুধিধা পাইছে
• ২০ হাজাৰ কিডনী ৰোগী উপকৃত হৈছে অটল অমৃতৰ পৰা
• ৬০ হাজাৰ লোকে নগদবিহীন সেৱা লাভ কৰিছে অটল অমৃতৰ অধীনত
• ICU, দুৰ্ঘটনা, 14 বছৰৰ তলৰ শিশুৰ যিকোনো গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ,
জাপানীজ এনকেফেলাইটিছ ,
ব'নমেৰু পুনৰসংৰোপন,
আৰু এনকেফেলাইটিছ ৰোগক সামৰিব অটল অমৃত অভিযানে
• এতিয়াৰ পৰা মুঠ 12 টা মূল ৰোগক সামৰিব অটল অমৃত অভিযানে
পূৰ্বে 6 টা ৰোগক সামৰিছিল এই অভিযানে: হিমন্ত
• ৯৫ শতাংশ কেন্সাৰ ৰোগীয়ে নগদবিহীন সেৱা লাভ কৰিছে অটল অমৃত বা আয়ুষ্মান ভাৰতৰ পৰা।
• অটল অমৃতৰ অধীনত ৪১ খন বেচৰকাৰী হাস্পতাল সংযুক্ত হৈ আছে। গুৱাহাটীৰ সকলো বেচৰকাৰী হাস্পতাল সংযুক্ত হৈ আছে।
• নতুন ব্যৱস্থাৰ ফলত বৰ্তমানৰ তুলনাত দ্বিগুণ হবগৈ নগদবিহীন সেৱা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা
• ১ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী হব এই নতুন ব্যৱস্থা
• JE ৰ মুখামুখি হবৰ বাবে আমি চেষ্টা কৰি আছো।
• AIIMS ৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। ২৫ শতাংশ আগবাঢ়িছে। ২০২১ ত মুকলি কৰাৰ আশা আছে।
• নৱজাতকৰ মৃত্যুৰ সংখ্যা ক্ৰমাগত ভাৱে কমি আহিছে। সম্পতি এই পৰিসংখ্যা ১২ শতাংশলৈ কমিছে। আৰু কমিব। আমাৰ টীম লাগি আছে।
• ৯ খন কেন্সাৰ হাস্পতালৰ কাম ১০ শতাংশ আগবাঢ়িছে। বাকী বোৰৰ ৫ শতাংশ আগবাঢ়িছে। লাৰচেন এণ্ড টাৰ্বো-য়ে কাম কৰি আছে হাস্পতালৰ
Conclusion:আনহাতে নিৰ্বাচনৰ সম্পৰ্কেও মন্তব্য মন্ত্ৰী হিমন্তৰ -
• খুৱ ভাল কৈ জিকিম তিনিটা সমষ্টিত। জনিয়াত মোৰ কোনো ইণ্টাৰেষ্টি নাই। ৰাঙাপাৰাত খুৱ ভাল মাৰ্জিনত জিকিম : উপ নিৰ্বাচন সন্দৰ্ভত HBS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.