গুৱাহাটী, 31 জানুৱাৰীঃ শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত 728 গৰাকী নাৰ্চ আৰু 400 জন চাৰ্ভিলেঞ্জ ৱৰ্কাৰক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , পিযুষ হাজৰিকাৰ লগতে বহু কেইবাজনো বিশিষ্ট ব্যক্তি। নিযুক্তি পত্ৰ প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে 2006 চনৰ পৰা GNM ৰ উত্তীৰ্ণ সকলো নাৰ্ছক নিযুক্তি দি অহা হৈছে। সকলো অভিজ্ঞ নাৰ্ছ আৰু ৱৰ্কাৰক নিযুক্তি দিয়াৰ ফলত স্বাস্থ্য ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হোৱাৰ লগতে অমূল পৰিৱৰ্তন আশা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।
ইয়াৰোপৰি, 2021 চনৰ ভিতৰত প্ৰায় সংখ্যক জিলাত দুই বা তাতোকৈ অধিক নতুন মেডিকেল কলেজ মুকলি কৰা হব বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত কেন্সাৰ হাস্পাতালৰ ক্ষেত্ৰতো নতুন পৰিকল্পনা হাতত লোৱাৰ কথা ব্যক্ত কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । 19 খন নতুন কেন্সাৰ হাস্পাতালৰ লগতে 9 খন অতি শীঘ্ৰে মুকলি কৰাৰ কথা অৱগত কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।
শেষত সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ সন্দৰ্ভত সকলো যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বৰ্তমানলৈ অসমত তেনে কোনো ধৰণৰ ভাইৰাছৰত আক্ৰান্ত ৰোগী পোৱা নাই বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।