ETV Bharat / state

Road accident in Guwahat: গুৱাহাটীৰ ৩৩ স্থান অতি দুৰ্ঘটনা প্ৰৱণ এলেকা হিচাপে চিনাক্ত

author img

By

Published : Jul 11, 2023, 6:25 PM IST

গুৱাহাটী মহানগৰীৰ ৩৩ টা স্থান অতি দুৰ্ঘটনা প্ৰৱণ এলেকা হিচাপে চিনাক্ত । ২৫ টা স্থান ৰাষ্ট্ৰীয় ঘাইপথত আৰু ৮ টা স্থান লোক নিৰ্মাণ বিভাগৰ ৰাজপথত ।

Accident prone areas in greater Guwahati
মহানগৰীৰ অতি দুৰ্ঘটনা প্ৰৱণ এলেকা

গুৱাহাটী, ১১ জুলাই: গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত হৈ আছে পথ দুৰ্ঘটনা । সেয়েহে গুৱাহাটী মহানগৰীৰ ৩৩ টা স্থান অতি দুৰ্ঘটনা প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । এই দুৰ্ঘটনা প্ৰৱণ ৩৩ টা স্থানৰ ভিতৰত ২৫ টা স্থান ৰাষ্ট্ৰীয় ঘাইপথত আৰু ৮ টা স্থান লোক নিৰ্মাণ বিভাগৰ ৰাজপথত ।

মহানগৰ জিলা প্ৰশাসনে দুৰ্ঘটনা প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা স্থান সমূহ হৈছে আজাৰা আৰক্ষী থানাৰ অধীনৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিটা , গড়চুক থানাৰ অধীনৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিটা , যোৰাবাট আৰক্ষী চকীৰ অধীনত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছটা , বশিষ্ঠ আৰক্ষী থানাৰ অধীনত চাৰিটা, জালুকবাৰী আৰক্ষী থানাৰ অধীনত ছটা ,খানাপাৰা আৰক্ষী চকীৰ অধীনত এটা, ক্ষেত্ৰী আৰক্ষী থানাৰ অধীনত দুটা স্থান । ইপিনে, লোকনিৰ্মাণ বিভাগৰ পথত পল্টনবজাৰ ,সাতগাঁও, ভঙাগড়ৰ আৰক্ষী থানাৰ অধীনত এটাকৈ, পাণবজাৰ আৰক্ষী থানাৰ অধীনত দুটা , ফটাশিল থানাৰ অধীনত এটা, ভৰলু আৰক্ষী থানাৰ অধীনত দুটা স্থান দুৰ্ঘটনা প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে ।

উল্লেখিত এলেকাৰ স্থানকেইটা হৈছে বুল্লাপাৰা,ৰাণী তিনিআলি, ধাৰাপুৰ বৰাগাঁও গড়চুক,লখৰা ,নমাইল,পেটেল মাৰ্কেট,আদৰ্শ নগৰ,এঘাৰ মাইল, ঘনশ্যাম বস্তি,তেৰ মাইল, লখৰা-ৰংমণ পইন্ট,ৰংমণ বেহাৰবাৰী, বশিষ্ঠ ,বশিষ্ঠ বালুঘাট,বৰা চাৰ্ভিছ ,ভি আই পি ৰোড, ভঙাগড়, লংকেশ্বৰ ,বিদ্যানগৰ ,জালুকবাৰী ৰেডিশ্বন ব্লু,সোমনাথ মন্দিৰ ,শৰাইঘাট দলং ,এম জি ৰোড ,এইচ বি ৰোড ,এ কে আজাদ ৰোড,খানাপাৰা ,ডি জি ৰোড,ভৰলুমুখ, ধূপগুৰি আৰু টপাতলী । উল্লেখ্য যে মহানগৰীত শেহতীয়া ভাৱে পূৰ্বৰ তুলনাত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে । যাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে দুৰ্ঘটনা ৰোধৰ বাবে বিভিন্ন ৰাজহুৱা স্থানত সজাগতা কৰাৰ লগতে দ্ৰুত গতি পৰিহাৰ কৰা , চিটবেল্ট লগো‍ৱা ,দুচকীয়া বাহনৰ চালক আৰোহী দুয়োজনে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনাই আহিছে ।

লগতে পঢ়ক:Muslim World League Secy General : দেশত ইছলামে এক অনন্য স্থান দখল কৰিছে; অজিত ডোভাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.