ETV Bharat / state

Assam Flood : চলিত বৰ্ষৰ দুটা বানত ৰাজ্যৰ 11 খন জিলাত সৰ্বাধিক ক্ষতি

author img

By

Published : Jul 2, 2022, 4:40 PM IST

ৰাজ্যত চলিত বৰ্ষৰ দুটা বানত 35 খন জিলাৰ ভিতৰত 11 খন জিলাৰ ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ বিস্তৰ‌‌ ক্ষতিসাধন হৈছে (Highest damage to property in 11 Districts of Assam) । ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (State Authority of Disaster Management) তথ্য মতে, ৰাজ্যৰ ভিতৰতে নলবাৰী, নগাঁও, বৰপেটা, কাছাৰ, দৰং, ধুবুৰী, ওদালগুৰি, কোকৰাঝাৰ, কৰিমগঞ্জ, গোৱালপাৰা, বজালী জিলাৰ সৰ্বাধিক ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ বানত বিস্তৰ‌‌ ক্ষতিসাধন হৈছে ৷

Assam flood
Assam flood

গুৱাহাটী, ২ জুলাই : ৰাজ্যত চলিত বৰ্ষৰ দুটা বানত 35 খন জিলাৰ ভিতৰত 11 খন জিলাৰ ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ বিস্তৰ‌‌ ক্ষতিসাধন হৈছে (Highest damage to property in 11 Districts) । ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (State Authority of Disaster Management) তথ্য মতে, ৰাজ্যৰ ভিতৰতে নলবাৰী, নগাঁও, বৰপেটা, কাছাৰ, দৰং, ধুবুৰী, ওদালগুৰি, কোকৰাঝাৰ, কৰিমগঞ্জ, গোৱালপাৰা, বজালী জিলাৰ সৰ্বাধিক ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ বানত বিস্তৰ‌‌ ক্ষতিসাধন হৈছে ।

বানত এই 11 খন জিলাৰ সৰ্বাধিক ক্ষতি হৈছে পথসমূহৰ । উল্লেখ্য যে বানে এতিয়ালৈকে ৰাজ্যৰ মুঠ ৩,৬১১টা পথৰ ক্ষতি কৰিছে (Flood damaged total of 3,611 roads in Assam) । বানত ক্ষতি হৈছে বহু সংখ্যক দলঙৰো । তথ্য মতে, সর্বাধিক পথৰ ক্ষতি হোৱা জিলাকেইখনৰ ভিতৰত আছে– নলবাৰী (৪০৯টা পথ), নগাঁও (৩৬৬টা পথ), বৰপেটা (৩৮৫টা পথ), কাছাৰ (২৬৮টা পথ), দৰং (২৪০টা পথ), ধুবুৰী (২৯৫টা পথ), ওদালগুৰি (১৩৯টা পথ), কোকৰাঝাৰ (১৭৩টা পথ), কৰিমগঞ্জ (১৩২টা পথ), গোৱালপাৰা (১০৭টা পথ), বজালী (১০৪টা পথ) আদি।

আনহাতে, ২২খন জিলাৰ ১৯৩ খন দলঙৰ ক্ষতি হৈছে । ইয়াৰ ভিতৰত বজালীৰ 33 খন, বৰপেটাৰ ২২ খন, ধুবুৰীৰ ১১ খন, কোকৰাঝাৰৰ ৩১ খন, নলবাৰীৰ ১৮ খন আৰু ওদালগুৰিৰ ১৯ খন দলং আছে । আন এক তথ্য অনুসৰি, ১৯ খন জিলাৰ ২,৬১৮টা অংগনৱাড়ী কেন্দ্ৰৰ ক্ষতি হৈছে (2,618 Anganwadi centres in 19 districts damaged) । বৰপেটাত ৯৪৬টা, বঙাইগাঁৱত ৩৭৮টা, কাছাৰত ২৪৯টা, নগাঁৱত ৩০০টা, শিৱসাগৰত ৩০৯টা কেন্দ্ৰৰ ক্ষতি হৈছে ।

তথ্য অনুসৰি, ৰাজ্যত বানত এই পৰ্যন্ত ১৭,৩১৫টা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে (17,315 homes completely destroyed in Assam flood) । ইয়াৰে ৩,৬৪৫টা পকীঘৰ আৰু ১৩,৬৭০টা কেঁচাঘৰ । আনহাতে, ১,১৮,২৯০টা ঘৰ আংশিকভাৱে নষ্ট হৈছে । লক্ষণীয় যে কাছাৰ জিলাতেই ঘৰ সর্বাধিক নষ্ট হৈছে । জিলাখনত ১০,৭৫৫টা ঘৰ সম্পূৰ্ণ নষ্ট হোৱাৰ বিপৰীতে ৯৪,৭৮৬টা ঘৰ আংশিকভাৱে নষ্ট হৈছে ।

আনহাতে, বানত এতিয়ালৈকে ১৮৭ ঠাইত মথাউৰি ছিগিছে (Flood so far torn embankment across 187 places) । তথ্য অনুসৰি, বজালীত ৪টা স্থানত, বাক্‌সাত ১৯, বৰপেটাত ৯, বিশ্বনাথত ৯, কাছাৰত ৩১, দৰঙত, ২০, গোৱালপাৰাত ৪ , হাইলাকান্দিত এঠাইত, হোজাইত ৫, যোৰহাট, কামৰূপ, পশ্চিম কাৰ্বি আংলং আৰু মৰিগাঁৱত এটাকৈ স্থানত, লখিমপুৰত ১২, নগাঁৱত ৬, নলবাৰীত ১৪, শোণিতপুৰত ৪, তামুলপুৰত ২০ ঠাইত আৰু ওদালগুৰিত ২৫ ঠাইত মথাউৰি ছিগিছে । তথ্য মতে, চলিত বৰ্ষৰ দুটা বানত এতিয়ালৈকে ৰাজ্যত মুঠ 173 জন লোকে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক: লখিমপুৰত জহিং নদীৰ খহনীয়াত উচন কেইবাটাও পৰিয়াল

For All Latest Updates

TAGGED:

Assam Flood
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.