ETV Bharat / state

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ৬.৯৯ শতাংশলৈ হ্ৰাস

author img

By

Published : May 18, 2021, 1:01 PM IST

Updated : May 18, 2021, 9:35 PM IST

অসমত ক'ভিড মৃত্যুৰ সকলো অভিলেখ ভংগ কৰি বিগত ২৪ ঘণ্টাত সৰ্বাধিক ৯২ গৰাকীৰ মৃত্যু । আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পালেও মৃত্যুৰ হাৰ প্ৰায় একেই আছে ।

as_ghy_05_highest_covid_death_in_assam_img_7209925
অসমৰ ক'ভিড পৰিস্থিতি

গুৱাহাটী,১৮ মে': কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে এটা ভাল খবৰ যে অসমত আক্ৰান্তৰ হাৰ ১০ শতাংশৰ পৰা ৬.৯৯ শতাংশলৈ হ্ৰাস পালে । বিগত ২৪ ঘণ্টাত ৯১,৪৮১ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত ৬,৩৯৪ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত আক্ৰান্তৰ হাৰ ৬.৯৯ শতাংশ ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসমত আক্ৰান্তৰ হাৰ প্ৰায় ১০ শতাংশলৈ বৃদ্ধি পাইছিল । শেহতীয়াকৈ আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে । অৱশ্যে মৃতকৰ হাৰ হ্ৰাস পোৱা নাই । বিগত ২৪ ঘণ্টাত সৰ্বাধিক ৯২ গৰাকী লোকৰ ক'ভিডত মৃত্যু হয় । মৃত্যুৰ এই সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত কৰ'ণাই সৰ্বাধিক লোকৰ প্ৰাণ কাঢ়িলে । আক্ৰান্তৰ হাৰ ক্ৰমাৎ কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ হাৰ প্ৰায় একে অৱস্থাতে আছে । বিগত ২৪ ঘণ্টাত ক'ভিডত মৃত্যু হোৱাৰ হাৰ আছিল ০.৬৮ শতাংশ । ইয়াৰ বিপৰীতে মৃত্যুৰ এই হাৰ দেওবাৰে আছিল ০.৬৬ শতাংশ, শনিবাৰে আছিল ০.৬৫ শতাংশ, শুকুৰবাৰে আছিল ০.৬৪ শতাংশ, বৃহস্পতিবাৰে আছিল ০.৬৩ শতাংশ আৰু বুধবাৰে আছিল ০.৬২ শতাংশ । অৰ্থাৎ মৃত্যুৰ হাৰ দৈনিক প্ৰায় ০.০১ শতাংশকৈ বৃদ্ধি পাইছে ।

আনহাতে, বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ৬.৯৯ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে আক্ৰান্তৰ হাৰ দেওবাৰে আছিল ৮.৫১ শতাংশ, শনিবাৰে আছিল ৮.২৬ শতাংশ, শুকুৰবাৰে আছিল ৯.২৬ শতাংশ, বৃহস্পতিবাৰে আছিল ৯.১৮ শতাংশ আৰু বুধবাৰে আছিল ৮.৮৫ শতাংশ । এই হিচাপত আক্ৰান্ত হাৰ প্ৰায় তিনি শতাংশলৈ হ্ৰাস পাইছে । ৰাজ্যখনত বৰ্ত্তমানলৈ ক'ভিডত ২,২৭১ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে ক'ভিডজনিত কাৰণত আন ৰোগত এতিয়ালৈকে ৰাজ্যৰ ১,৩৪৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ৬.৯৯ শতাংশলৈ হ্ৰাস

ক'ভিডত মৃত্যু হোৱা ৯২ গৰাকী লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ২৬ গৰাকী, কামৰূপ(গ্ৰাম্য) জিলাত ১১ গৰাকী, শোণিতপুৰত ৭ গৰাকী, দৰঙত ৬ গৰাকী, কাছাৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত ৫ গৰাকীকৈ আৰু বৰপেটা, নগাঁও, নলবাৰী আৰু শিৱসাগৰত তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে । আনহাতে আক্ৰান্ত ৬,৩৯৪ গৰাকীৰ ভিতৰত ১,১০০ গৰাকী কামৰূপ মহানগৰ জিলাৰ, ৫০২ গৰাকী কামৰূপ গ্ৰাম্যৰ, ৪৫৯ গৰাকী ডিব্ৰুগড়ৰ আৰু ৪৩০ গৰাকী নগাঁও জিলাৰ ।

সেইদৰে বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৪,৭৩৭ গৰাকী লোক । বৰ্তমানলৈ ৰাজ্যখনত ৩,৩৫,০২৩ গৰাকী লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ২,৮৬,৪৬৩ গৰাকী লোক । ৰাজ্যত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ ৮৫.৫০ শতাংশ । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪৪,৯৪২ গৰাকী । ইয়াৰে গৰিষ্ঠ সংখ্যকেই হোম আইচ'লেচনত আছে । ইফালে এতিয়ালৈ ৰাজ্যৰ ৩৪.৭০ লাখ লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ২৭.২৯ লাখ লোকে প্ৰথম পালি আৰু ৭.৪১ লাখ লোকে দ্বিতীয় পালি লাভ কৰিছে ।

লগতে পঢ়ক: ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Last Updated : May 18, 2021, 9:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.