ETV Bharat / state

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব শীৰ্ষস্থান

author img

By

Published : Jun 24, 2021, 9:28 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ মূল্যায়নক লৈ উচ্চস্তৰীয় কমিটিৰ দ্বিতীয়লানি বৈঠক । পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৰূপৰেখা প্ৰস্তুত কৰি কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন । নৱম শ্রেণীত অনুষ্ঠিত হোৱা গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাত শিক্ষার্থীসকলে লাভ কৰা নম্বৰ বিবেচনা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফলৰ ক্ষেত্রত ।

high-level-committee-report-about-hslc-result
এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব শীৰ্ষস্থান

গুৱাহাটী, ২৪ জুন : হাইস্কুল শিক্ষান্ত (HSLC) আৰু হাই মাদ্ৰাছা (High Madrasah) পৰীক্ষাৰ ফলাফলত এইবাৰ প্ৰথমবাৰৰ বাবে নাথাকিব শীৰ্ষস্থান । এই সিদ্ধান্ত গ্ৰহণ কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটিয়ে । উল্লেখ্য যে, ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে হাইস্কুল শিক্ষান্ত (HSLC) পৰীক্ষা বাতিল কৰাৰ পাছত ফলাফল ঘোষণাৰ ফর্মূলাক লৈ সৃষ্টি হৈছিল উদ্বিগ্নতা । চাৰি লক্ষাধিক শিক্ষার্থীৰ মূল্যায়নৰ ক্ষেত্ৰত বিবেচনা কৰিবলগীয়া তথ্য আৰু বিষয়সমূহ নির্ধাৰণৰ বাবে বৃহস্পতিবাৰে পুনৰ অনুষ্ঠিত হয় উচ্চস্তৰীয় কমিটিৰ গুৰুত্বপূর্ণ বৈঠক ।

বুধবাৰে ৭ ঘণ্টাজোৰা বৈঠকত উচ্চস্তৰীয় কমিটিখনে স্পৰ্শকাতৰ বিষয়টোত বিশদভাৱে আলোচনা কৰিছিল যদিও বিশেষ কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাছিল । যাৰ বাবে আজি পুনৰ বৈঠকত মিলিত হয় । আজিৰ বৈঠকতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি চূড়ান্ত কৰা হয় । সেই অনুসৰি এইবাৰৰ ফলাফলত নাথাকিব শীৰ্ষৰ দহটা স্থান ।

বৈঠকত নৱম শ্ৰেণীত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ নম্বৰক মূল ভিত্তি হিচাপে লৈ ফলাফল ঘোষণা কৰাৰ পোষকতা কৰিছে উচ্চস্তৰীয় কমিটিখনে । প্ৰাপ্ত তথ্য অনুসৰি, নৱম শ্ৰেণীত অনুষ্ঠিত হোৱা গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাত শিক্ষার্থীসকলে লাভ কৰা নম্বৰ বিবেচনা কৰা হ’ব হাইস্কুল শিক্ষান্ত (HSLC) পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ।

দশম শ্ৰেণীত অনুষ্ঠিত পৰীক্ষাসমূহৰ নম্বৰো বিবেচনালৈ আহিব যদিও উচ্চস্তৰীয় কমিটিখনে নৱম শ্ৰেণীৰ পৰীক্ষাকে মূল ভিত্তি হিচাপে ল’বলৈ একপ্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ক’ভিডৰ বাবে বিগত বর্ষত বহু বিদ্যালয়ে অনুষ্ঠিত কৰিব পৰা নাছিল দশম শ্ৰেণীৰ প্ৰি-টেষ্টৰ লগতে গোট পৰীক্ষা । সেয়েহে নৱম শ্ৰেণীৰ পৰীক্ষাসমূহত যিহেতু সকলো শিক্ষার্থী অৱতীর্ণ হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কমিটিখনে গ্ৰহণ কৰিছে ।

ইফালে বিগত বর্ষত হাইস্কুল শিক্ষান্ত (HSLC) পৰীক্ষাত উত্তীর্ণ নোহোৱা প্ৰায় ১.৮০ লাখ শিক্ষার্থীৰ বিষয়টো গভীৰভাৱে বিবেচনা কৰিবলগীয়া হৈছে উচ্চস্তৰীয় কমিটিখনে । যিহেতু হাইস্কুল শিক্ষান্ত (HSLC) পৰীক্ষাত উত্তীর্ণ নোহোৱা শিক্ষার্থীসকলে পুনৰ দশম শ্ৰেণীৰ গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা অথবা প্ৰি-টেষ্টত অৱতীর্ণ হোৱাৰ কোনো প্ৰয়োজন নাই ৷ সেয়েহে তেওঁলোকৰ ক্ষেত্ৰতো নৱম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰেৰে এটা সিদ্ধান্তত উপনীত হ’ব পাৰিব অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) । এনে বিভিন্ন দিশ পর্যালোচনা কৰিয়েই কমিটিখনে নৱম শ্ৰেণীৰ পৰীক্ষাসমূহকে মূল ভিত্তি হিচাপে লোৱাৰ বিষয়টো বিবেচনা কৰে ।

ইতিমধ্যেই ছেবা (SEBA)ৰ তৰফৰ পৰা বিদ্যালয় পৰিদর্শকসকলক সংশ্লিষ্ট জিলাসমূহৰ তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । উল্লেখ্য যে, ক’ভিড (Covid-19)ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে (Education Department) কেইবাটাও ছাত্ৰ সংগঠন, শিক্ষক সংগঠন আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছত ১৮ জুনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (HS) বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ পাছতে দুয়োটা পৰীক্ষাৰ মূল্যায়নৰ বাবে ফর্মুলা উদ্ভাৱন কৰিবলৈ দুখন উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছিল ।

হাইস্কুল শিক্ষান্ত (HSLC) আৰু হাই মাদ্ৰাছা (High Madrasah) পৰীক্ষাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University)ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অলক বুঢ়াগোঁহাইৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত সদস্য হিচাপে আছে ছেবা (SEBA)ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, মাধ্যমিক শিক্ষাৰ উপ সচিব এছ এন দাস, গুৱাহাটী মহানগৰীৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰা, ধুবুৰীৰ কছুখানা হাইস্কুলৰ অধ্যক্ষ ৰঞ্জিত দাম, কোকৰাঝাৰৰ জাৰাগুৰি হাইস্কুলৰ অধ্যক্ষ হাকিম তৰফদাৰ, কামৰূপ একাডেমীৰ অধ্যক্ষ চি বি ৰায়, গোলাঘাটৰ মুহিৰাম হাজৰিকা, হাইস্কুলৰ প্ৰধান শিক্ষক মৃণাল খাউণ্ড আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি ।

বৃহস্পতিবাৰে আটাইকেইজন সদস্যৰ উপস্থিতিত ড৹ অলক বুঢ়াগোঁহাইৰ অধ্যক্ষতাত ছেবা (SEBA)ৰ কার্যালয়ত দ্বিতীয়খন বৈঠকখন অনুষ্ঠিত হয় । কেইবাঘণ্টা ধৰি চলা বৈঠকত পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰতিবেদন আকাৰে প্ৰস্তুত কৰা হয় আৰু সেই প্ৰতিবেদন কমিটিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক প্ৰদান কৰে । কমিটিখনৰ অধ্যক্ষ ড৹ অলক বুঢ়াগোঁহাইয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "এইবাৰ মেট্ৰিক পৰীক্ষাত নাথাকিব শীৰ্ষস্থান । নৱম আৰু দশম শ্ৰেণীৰ পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত ফলাফল দিয়া হ'ব ।

আনহাতে, অন্য ৰাজ্যৰ ব’ৰ্ডৰ মূল্যায়ন পদ্ধতিক আৰ্হি হিচাপে লোৱা হৈছে । কোনো শিক্ষার্থীয়ে যাতে প্ৰকৃত ন্যায় লাভৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ছাত্ৰ-ছাত্ৰীক উপযুক্ত নম্বৰ প্ৰদানৰ ক্ষেত্ৰত বঞ্চিত কৰা নহয় ৷ ইফালে অনুত্তীৰ্ণৰ ক্ষেত্ৰত কমিটিৰ নীতিয়ে বিষয়টো নিৰ্ধাৰণ কৰিব ।

উল্লেখ্য যে, কমিটিয়ে পৰীক্ষা সম্পৰ্কীয় সকলো তথ্য সংগ্ৰহ কৰাৰ লগতে জিলা উপায়ুক্ত তথা বিদ্যালয় পৰিদৰ্শকসকলে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । কমিটিৰ হাতত নৱম-দশম শ্ৰেণীৰ প্ৰয়োজনীয় প্ৰায় সকলো তথ্য আছে । কমিটিয়ে যুগুত কৰা 'পলিচী'য়ে নিৰূপণ কৰিব পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ-অনুত্তীৰ্ণৰ বিষয় ।

আনহাতে 'পইণ্ট' ৰ বাবে 'ৰেংক'ৰ পৰা বঞ্চিত হয় পৰীক্ষাৰ্থী ৷ যাৰ বাবেই 'ৰেংক' নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কমিটিয়ে । ছাত্ৰ-ছাত্ৰীৰ অনুকুলে গ্ৰহণ কৰা হৈছে সিদ্ধান্ত । অনিয়মীয়া পৰীক্ষাৰ্থীৰ বাবেও গ্ৰহণ কৰা হৈছে সুকীয়া ব্যৱস্থা ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বাসভৱনত সৰ্বদলীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.