ETV Bharat / state

Microfinance Loan : দুই-এদিনতে ৰাইজে পাব সুখবৰ !

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ৰ নিৰ্দেশত মন্ত্রী অশোক সিংঘাল(ASHOK SINGHAL)ৰ নেতৃত্বত গঠন হোৱা সমিতিয়ে মাইক্ৰ'ফাইনেন্সৰ ঋণ(Microfinance Loan) ৰেহাই সন্দৰ্ভত বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । জনতা ভৱনত মন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে মাইক্ৰ'ফাইনেন্সৰ ষ্টেক হ'ল্ডাৰ্চ, বেংকৰ প্ৰতিনিধিৰ লগতে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ বিষয়া ।

author img

By

Published : Jun 10, 2021, 8:23 PM IST

High level Committee meeting on microfinance loan issue
মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত উচ্চস্তৰীয় সমিতিৰ বৈঠক

গুৱাহাটী, ১০ জুন: নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি, মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ৰ নিৰ্দেশত মন্ত্রী অশোক সিংঘাল(ASHOK SINGHAL)ৰ নেতৃত্বত গঠন হোৱা সমিতিয়ে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

সংবাদ মাধ্যমৰ আগত মাইক্ৰ'ফাইনেন্সৰ ঋণ, সুদ, মূলধন মিলাই ১২ হাজাৰ কোটি টকা হ'ব বুলি উল্লেখ কৰি মন্ত্রী অশোক সিংঘালে দুই-এদিনৰ ভিতৰতে ৰাইজে সুখবৰ পাব বুলি কয় । আনহাতে, গুৱাহাটীৰ উন্নয়ন(Guwahati Development)ৰ প্ৰসংগত মন্ত্ৰী সিংঘালে কয় যে, এমাহতে কোৱাটো সহজ নহয় যে কি কৰিলো ।

কিন্তু গুৱাহাটীক লৈ বহু ডাঙৰ আঁচনিৰ কথা ভাবিছো । গুৱাহাটীত ডাম্পিং গ্ৰাউণ্ডৰ পৰা নলা নিষ্কাষণলৈকে বহু পৰিৱৰ্তন দেখিবলৈ পোৱা যাব ।' জনতা ভৱনত মন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে মাইক্ৰ'ফাইনেন্সৰ ষ্টেক হ'লডাৰ্চ, বেংকৰ প্ৰতিনিধিৰ লগতে চৰকাৰী সংশ্লিষ্ট বিভাগৰ বিষয়া ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে তিনি বাৰকৈ ভিডিঅ' কনফাৰেন্সযোগে এই বিষয়টোত আলোচনা হৈছিল যদিও কোনো সমাধান সূত্ৰ নোলোৱাত বৃহস্পতিবাৰে সকলো প্ৰতিনিধিকে সাক্ষাৎ কৰি আলোচনাত মিলিত হয় মন্ত্ৰী সিংঘাল ।

লগতে পঢ়ক:মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০ খন বিচনাযুক্ত ক'ভিড হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.