গুৱাহাটী , 30 অক্টোবৰঃ 2008 চনক ৩০ অক্টোবৰ তাৰিখৰ তিক্ত অভিজ্ঞতা সুঁৱৰি বিপথে যোৱা অসমীয়া যুৱক সকলক হাবিৰ পৰা ওলাই আহি অস্ত্ৰ এৰি হাতত কলম, নাঙল, কাঁচি তুলি লোৱাৰ আহ্বান জনালে বাঁওপন্থী নেতা তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসে ৷ গুৱাহাটীত অনুষ্ঠিত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নেতা গৰাকীয়ে ব্যক্ত কৰে যে , নিহত ৮১ গৰাকী ব্যক্তিৰ পৰিয়ালক চৰকাৰে ইমানদিনে ক্ষতিপূৰণ প্ৰদান কৰিব নোৱাৰাটো অত্যন্ত পৰিতাপৰ বিষয় ৷
বিপথে যোৱা অসমীয়া যুৱকে অস্ত্ৰ এৰি হাতত কলম, নাঙল লওক - সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসে
30 অক্টোবৰৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰিল বিশিষ্ট বাঁওপন্থী নেতা হেমেন দাস ৷ বিপথে যোৱা অসমীয়া যুৱকক মূলসূঁতিলৈ ঘূৰি অহাৰ আহ্বান নেতাজনৰ ৷
বোমা বিষ্ফোৰণত নিহত সকলক ক্ষতিপূৰণ নিদিয়াটো পৰিতাপৰ বিষয়-হেমেন দাস
গুৱাহাটী , 30 অক্টোবৰঃ 2008 চনক ৩০ অক্টোবৰ তাৰিখৰ তিক্ত অভিজ্ঞতা সুঁৱৰি বিপথে যোৱা অসমীয়া যুৱক সকলক হাবিৰ পৰা ওলাই আহি অস্ত্ৰ এৰি হাতত কলম, নাঙল, কাঁচি তুলি লোৱাৰ আহ্বান জনালে বাঁওপন্থী নেতা তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসে ৷ গুৱাহাটীত অনুষ্ঠিত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নেতা গৰাকীয়ে ব্যক্ত কৰে যে , নিহত ৮১ গৰাকী ব্যক্তিৰ পৰিয়ালক চৰকাৰে ইমানদিনে ক্ষতিপূৰণ প্ৰদান কৰিব নোৱাৰাটো অত্যন্ত পৰিতাপৰ বিষয় ৷
Intro:বিপথে যোৱা অসমীয়া যুৱক অস্ত্ৰ ত্যাগ কৰি ওলাই আহক হাবিৰ পৰা। হাবিত থকা সকলক অস্ত্ৰ এৰি হাতত কলম, নাঙল, কাঁচি তুলি লোৱাৰ আহ্বান বাওঁপন্থী নেতা তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসৰ।
Body:আজি ৩০ অক্টোবৰ। অসমৰ ইতিহাসৰ সবাতোকৈ ক'লা দিন ৩০ অক্টোবৰ। ২০০৮ চনত আজিৰ এই দিনটোতে সন্ত্ৰাসবাদীয়ে লিখিছিল অসমৰ ইতিহাসৰ এই ক'লা অধ্যায়। ৩০ অক্টোবৰ ২০০৮ চনত গুৱাহাটীৰ গণেশগুৰি, চি জি এম আদালতৰ চৌহদ, পানবজাৰৰ লগতে বৰপেটা আৰু কোকৰাঝাৰত সন্ত্ৰাসবাদীয়ে খেলা তেজৰ ফাকুৱাৰ সেই তিক্ত স্মিতি ই টিভি ভাৰতৰ আগত বৰ্ণনা কৰিলে বাওঁপন্থী নেতা তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস। কি দেখিছিল সেই ক'লা দিনটোত এইগৰাকী নেতাই, এইদৰে বর্ণনা কৰিলে হেমেন দাসে।
বাইট ১ : হেমেন দাস, বাওঁপন্থী নেতা তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক
গণেশগুৰিত বোমা বিস্ফোৰণৰ ফলত নিহত হোৱা ব্যক্তি সকলৰ আত্মাৰ শান্তিৰ হকে নিহত সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৩০ অক্টোবৰৰ সেই ক'লা দিনটোৰ দৃশ্য আজিও ভাহি উঠে তেওঁৰ চকুৰ আগত বুলি প্ৰকাশ কৰে নেতা গৰাকীয়ে। নিহত ব্যক্তি সকলক চৰকাৰে ইমান দিনে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব নোৱাৰাটো অতিকৈ পৰিতাপৰ বিষয় বুলি মন্তব্য কৰি নেতা গৰাকীয়ে কয় চৰকাৰে অতি শীঘ্ৰে বোমা বিস্ফোৰণত নিহত হোৱা ব্যক্তি সকলৰ পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। নেতা গৰাকীয়ে লগতে বিপথে যোৱা অসমীয়াৰ যুৱক সকলক হাবিৰ পৰা ওলাই আহি অস্ত্ৰ ত্যাগ কৰি হাতত কলম, নাঙল, কাঁচি তুলি অসমৰ উন্নয়নৰ হকে কাম কৰিবলৈ আহ্বান জনায়।
বাইট ২: হেমেন দাস, বাওঁপন্থী নেতা তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক
Conclusion:উল্লেখ্য যে ২০০৮ চনৰ ৩০ অক্টোবৰ তাৰিখে অসমৰ কোকৰাঝাৰ, বৰপেটাৰ লগতে গুৱাহাটী মহানগৰীৰ গণেশগুৰি, চি জি এম আদালতৰ চৌহদ, পানবজাৰত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত কেইবাগৰাকী শিশুকে ধৰি প্ৰায় ৮১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল ৫০০ ৰো অধিক লোক। গণেশগুৰিত বোমা বিস্ফোৰণত নিহত ব্যক্তি সকলক স্থানীয় নাগৰিক সকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।