ETV Bharat / state

মূল্যবোধক লৈ কেতিয়াও আপোচ নকৰা ৰাজনীতিবিদগৰাকী

author img

By

Published : Oct 1, 2020, 7:24 PM IST

ৰাজনীতিৰ পৰা জীৱনবোধলৈ, দুৰ্নীতিৰ পৰা চৰকাৰৰ অহমিকালৈ... । এগৰাকী বিশেষ ব্যক্তিৰ সৈতে চাওক এই বিশেষ সাক্ষাৎকাৰ...

মূল্যবোধক লৈ কেতিয়াও আপোচ নকৰা ৰাজনীতিবিদগৰাকী
মূল্যবোধক লৈ কেতিয়াও আপোচ নকৰা ৰাজনীতিবিদগৰাকী

গুৱাহাটী, ১ অক্টোবৰ: তেওঁ যি ধৰণে জীৱন যাপন কৰে, যিদৰে তেওঁ ৰাজনীতিৰ জটিল অংকৰ সৰল সমাধান সুত্ৰ বিচাৰি পায় সেয়া আজিৰ দিনৰ মন্ত্ৰী, বিধায়ক, নেতা আনকি পালিনেতাৰ ক্ষেত্ৰতো বিৰল । আজিৰ ৰাজনৈতিক নেতা বুলিলেই, মন্ত্ৰী-বিধায়ক বুলি কলে আমি যি বুজো বা দেখো সেয়া হৈছে - অগাধ সা-সম্পত্তিৰ মালিক, গাড়ীয়ে-অট্টালিকাই গজগজীয়া একো একোজন মানুহ ।

কিন্তু তাৰ মাজতো আমাৰ সমাজখনত এতিয়াও এনে একাংশ ৰাজনৈতিক নেতা আছে যিসকলে নিজক, নিজৰ আদৰ্শক, মূল্যবোধক কেতিয়াও বিক্ৰী যাবলৈ নিদিলে বা আজিও দিয়া নাই । "ৰাজনৈতিক আপোচ" বোলা শব্দ দুটা তেওঁলোকৰ অভিধানতেই যেন নাই ! অসমত এতিয়াও আপোচ বিহীনভাৱে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস ৰাখি ৰাজনীতি কৰি যোৱা যি এমুঠিমান প্ৰবীণ ৰাজনৈতিক নেতা আছে সেইসকলৰ মাজৰ অন্যতম এগৰাকী ৰাজনীতিক হৈছে বিশিষ্ট বাওঁপন্থী নেতা, চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা চি পি এমৰ হেমেন দাস ।

বিশিষ্ট ৰাজনীতিবিদ হেমেন দাস

১৯৭৮ চনৰ পৰা একেৰাহে তিনিবাৰকৈ সৰভোগ সমষ্টিৰ পৰা বিধায়ক হিচাপে জিকি অহা হেমেন দাস চতুৰ্থ বাৰৰ নিৰ্বাচনত পৰাজিত হৈছিল । কিন্তু ১৯৯৬ চনত পুনৰ তেওঁ বিধায়ক হিচাপে জয়ী হৈ আহিবলৈ সক্ষম হয় । কিন্তু চাৰিবাৰকৈ বিধায়ক হিচাপে জিকি অহা প্ৰবীণ ৰাজনীতিবিদ গৰাকীৰ যি জীৱন যাপনৰ শৈলী সেয়া হয়তো বহুতেই নাজানে ।

সমসাময়িক ৰাজনীতিৰ বিষয়ে কি ক'লে তেওঁ ?

চাৰিবাৰকৈ বিধায়ক হৈ অহা এইগৰাকী জ্যেষ্ঠ বাওঁপন্থী নেতাই সুদীৰ্ঘ সময় ধৰি বাস কৰি আহিছে গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত হাউচিং ব’ৰ্ডৰ এটা সৰু ফ্লেটত । অতি সাধাৰণ তেওঁৰ জীৱন শৈলী । কিন্তু অসাধাৰণ তেওঁৰ চিন্তা । ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা এক অন্তৰংগ বাৰ্তালাপত হেমেন দাসে হিয়া উজাৰি কলে বহু কথা ।

বৰ্তমানৰ ৰাজনৈতিক নেতাসকলতকৈ সম্পূৰ্ণ পৃথক তেওঁ

লগতে পঢ়ক: কোন হ'ব মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী প্ৰধান সচিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.